লখিমপুৰত অসম আৰক্ষীৰ জোৱানৰ দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন। কালি দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচনথলীত প্ৰদৰ্শন কৰে এই দুঃসাহসিক ক্ৰীড়া। চুলিৰে টানিলে এখন ট্ৰাক। এই আৰক্ষীৰ জোৱানজন হ’ল লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়োজিত আৰক্ষী বিশেষ শাখাৰ লেন্সনায়ক ৰত্নেশ্বৰ নেওগ। তেওঁ পতাকা উন্মোচনথলীত চুলিৰে এখন মজলীয়া আকাৰৰ ট্ৰাক টানি নিয়ে। উপস্থিত সকলোৱে হাত তালিৰে হৰ্ষোল্লাস প্ৰকাশ কৰে ৰত্নেশ্বৰ নেওগৰ এনে দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰত্যক্ষ কৰি।
উল্লেখ্য যে ৰত্নেশ্বৰ নেওগে দীৰ্ঘদিন ধৰি বিভিন্ন ব্যতিক্রমী তথা দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰি আহিছে। যোগ কৰিও তেও সমাদৰ লাভ কৰিছে৷ আৰক্ষী বিভাগত কাম কৰি ব্যস্ততাৰ মাজতো তেওঁ এনে দুঃসাহসিক ক্ৰীড়াশৈলীৰ অনুশীলন অব্যাহত ৰাখিছে। প্ৰচাৰবিমুখভাৱে তেওঁ এনে ক্ৰীড়াশৈলীৰ অনুশীলন চলাই গৈছে। কালি গণৰাজ্য দিৱসৰ পতাকা উন্মোচনথলীত তেওঁ এনে দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰি সকলোৰে প্ৰশংসা লাভ কৰিছে৷
এই সন্দৰ্ভত ৰত্নেশ্বৰ নেওগে কয়- আজি চুলিৰে ট্ৰাক টানি মোৰ ভাল লাগিছে। যোগ সাধনাৰ বলত এয়া সম্ভৱ হৈছে। মই ২০০৫ চনৰ পৰাই চুলিৰে সৰু-বৰ গাড়ী টানি প্ৰদৰ্শন কৰি আহিছোঁ। ২০১২ চনত ৩২টন ওজনৰ এটা ৰে’লৰ দবা টানি লিমকা বুক অৱ ৰেকৰ্ডত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। এনেদৰে চুলিৰে গাড়ী টানিলে কষ্ট হয় যদিও যোগ সাধনাৰ বলত সেয়া সম্ভৱ হয়। অসম চৰকাৰ অথবা আৰক্ষী বিভাগে সহায় কৰিলে মই নিশ্চয় গীনিজ বুক অৱ ৰেকৰ্ডত নাম অন্তর্ভুক্ত কৰিব পাৰিম। এইদৰে আশা প্ৰকাশ কৰে ৰত্নেশ্বৰ নেওগে।