নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ মাৰ্চৰ পৰা ‘হোম কোৱাৰেণ্টাইন’ত আছিল মহানগৰীৰ স্পেনিছ গাৰ্দেনৰ আক্ৰান্ত লোকজন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ যোৱা ২ দিন ধৰি অসমত ভাৰতৰ আন ৰাজ্যতকৈ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা । অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা শনিবাৰৰ পুৱালৈকে ২৫ জনলৈ বৃদ্ধি পাইছে ।

শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি অসমত প্ৰথমজন লোক নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ নোলোৱাকৈয়ে ক’ৰোনাত আক্ৰান্ত হৈছে ।

এই লোকজন মহানগৰীৰ স্পেনিছ গাৰ্দেনৰ মনীষ তিব্ৰেৱাল বুলি জানিব পৰা গৈছে । ইপিনে প্ৰাপ্ত তথ্য অনুসৰি লোকজন দিল্লীৰ পৰা ১০ মাৰ্চতে অসমলৈ আহিছিল । আৰু বিগত ১৭ মাৰ্চৰ পৰা তেওঁ আৰু পৰিয়াল ‘হোম কোৱাৰেণ্টাইন’ হৈ আছিল ।

উল্লেখ্য যে, মনীষ তিব্ৰেৱালৰ ক’ৰোনাত আক্ৰান্তৰ কথা নিশ্চিত হোৱাৰ পিছতে তেওঁক আৰু পৰিয়ালৰ আন সদস্যসকলক শুকুৰবাৰে নিশাই লৈ যোৱা হয় এমএমচিএইচলৈ। লগতে এমএমচিএইচতে তেওঁক চিকিৎসা কৰা হ’ব বুলিও জানিব পৰা গৈছে ।

You might also like