নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ছাদেক আলী

কামৰূপৰ ছমৰীয়া সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীত ড্ৰাগছৰ বিৰুদ্ধে নিশা আৰক্ষীৰ এক বৃহৎ অভিযান চলে। অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন টুপামাৰী গাঁৱৰ ছাদেক আলী বুলি জনা গৈছে।

গোপন সূত্ৰৰ পম খেদি ছাদেক আলী নামৰ লোকজনৰ ঘৰত অভিযান চলাই ৪৬টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু প্ৰায় ৩০০টা খালী কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে | অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ কামৰূপ জিলা সমিতিৰ একাংশ কৰ্মকৰ্তাৰ সহযোগত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলে এই অভিযান | অভিযানত জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ৬১.৬৭ গ্ৰাম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ইতিপূৰ্বেও একাধিকবাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যসহ গ্ৰেপ্তাৰ হৈছিল ছাদেক আলী। আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানৰ মাজতো টুপামাৰী আৰক্ষী চকীৰ বিভিন্ন এলেকাত চলিয়েই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা | আৰক্ষীৰ এই অভিযানক ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে শীঘ্ৰেই বৃহত্তৰ অঞ্চলটো ড্ৰাগছমুক্ত কৰাৰ দাবী জনাইছে |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৮ জানুৱাৰী :

You might also like