ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : সংসদৰ বাজেট অধিৱেশন আজিৰে পৰা অৰ্থাৎ ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। অধিৱেশনৰ প্ৰথম পৰ্যায়ত বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদক সম্বোধন কৰিব।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । এইবাৰ দেশৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে দেওবাৰে সাধাৰণ বাজেট দাখিল হ’ব । ১ ফেব্ৰুৱাৰী (দেওবাৰ)ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ।
এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন। বাজেট অধিৱেশন দুটা ভাগত বিভক্ত কৰা হৈছে । আজিৰে পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায় ১৩ ফেব্ৰুৱাৰীলৈ চলিব । ইয়াৰ পিছত অধিৱেশন স্থগিত ৰখা হ’ব আৰু দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব।
উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছতে বৃহস্পতিবাৰে সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ। ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰৰ সাফল্যৰ লগতে ভৱিষ্যতৰ নীতি আৰু অগ্ৰাধিকাৰৰ বাবে ৰোডমেপ দাঙি ধৰিব ।
এইবাৰ ১ ফেব্ৰুৱাৰী, দেওবাৰে দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট । সংসদীয় ইতিহাসত এয়া এক বিৰল অনুষ্ঠান। চৰকাৰে আনুষ্ঠানিকভাৱে এই দিনটোক “বাজেট দিৱস” হিচাপে ঘোষণা কৰিছে । এইখন নিৰ্মলা সীতাৰমণৰ একেৰাহে নৱমখন বাজেট হ’ব আৰু তেওঁ বৃহৎ অৰ্থনৈতিক সিদ্ধান্ত দাখিল কৰিব বুলি আশা কৰা হৈছে ।