নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক মৰ্যাদাৰে অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

পঞ্চভূতত বিলীন হ’ল অজিত পাৱাৰৰ নিথৰ দেহ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল এন চি পিৰ মুৰব্বী অজিত পাৱাৰ। বুধবাৰে বাৰামতী বিমানবন্দৰৰ সমীপত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ ৫জন লোক নিহত হয়। আজি অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত “অজিত দাদা অমৰ হওক” ধ্বনিৰে উত্তাল হৈ পৰে । তেওঁৰ পুত্ৰ পাৰ্থ আৰু জয়ে বিদ্যা প্ৰতিষ্ঠানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অজিত পাৱাৰৰ মুখাগ্নি কৰে ।

অন্ত্যেষ্টিক্ৰিয়াত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি, বিজেপিৰ মুৰব্বী নীতিন নবীন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে, এম এন এছৰ মুৰব্বী ৰাজ থাকৰে, শিৱসেনাৰ ইউ বি টিৰ মুৰব্বী উদ্ধৱ থাকৰেকে ধৰি বহু নেতা উপস্থিত থাকে ।

ইফালে, বিৰোধীৰ বাক্যবাণৰ মাজতে অজিত পাৱাৰৰ খুৰাক তথা এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে কয় যে এয়া এক দুৰ্ঘটনা আৰু ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয় । ইফালে, বিমানখনৰ পৰা উদ্ধাৰ হোৱা ব্লেক বক্স বিশ্লেষণ কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব । চাৰ্টাৰ্ড বিমানখন বাৰামতী বিমানবন্দৰত দ্বিতীয়বাৰ অৱতৰণ কৰোৱাৰ চেষ্টাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ।

You might also like