সম্পাদকীয় : সোণৰ হৰিণ
ৰামায়ণত স্বর্ণ মৃগৰ মৰীচিকা খেদিবলৈ গৈ সীতা ৰাৱণৰ হাতত অপহূত হৈছিল৷ শ্রীৰামচন্দ্রই বুজাইছিল যে এই হৰিণ মাথোঁ মায়া–দুৰাকাংক্ষা, কিন্তু সীতাই নামানিলে আৰু ইয়াৰ ফলো ভয়ংকৰ হ’ল৷ ৰাম–ৰাৱণৰ যুদ্ধত অলেখ নিহত হ’ল৷ বর্তমানেও সোণৰ দুর্মূল্যই সকলোকে চমক দেখুৱাইছে৷ সম্প্রতি মধ্যবিত্তই বিয়া–বাৰুৰ দৰে মাংগলিক কার্যৰ বাবে সোণ কিনিবলৈ যোৱাটো দুৰাকাংক্ষাত পৰিণত হৈছে৷ গুৱাহাটীৰ বজাৰত ২৯ জানুৱাৰীত ২৪ কেৰেট সোণৰ ১০ গ্রামৰ দাম ১,৭৯,৯০০ টকা– এয়া সর্বকালৰ অভিলেখ৷ টকাৰ বিনিময় মূল্যই ৯২ টকা স্পর্শ কৰে৷ অৱশ্যে টকাৰ অৱমূল্যায়নে দেশৰ অর্থনৈতিক বিকাশক শুদ্ধভাৱে প্রতিফলিত নকৰে বুলি কেন্দ্রই দাখিল কৰা অর্থনৈতিক সমীক্ষাত প্রকাশ৷ এই কথা স্পষ্ট যে ডলাৰৰ সৈতে ভাৰতৰ টকা মূল্য হ্রাসক কেন্দ্রই সমূলি গুৰুত্ব প্রদান কৰা নাই৷ মূলধনী বজাৰৰ পৰা বিদেশী বিনিয়োগ হ্রাস হোৱাত টকাৰ মূল্য হ্রাসত প্রত্যক্ষ প্রভাৱ পৰিছে৷ একেদৰে সোণৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে চমক দিছে৷ ২৯ জানুৱাৰীত গুৱাহাটীত ২৪ কেৰেট ১০ গ্রাম সোণৰ দাম ১,৭৮,৯০০ টকাৰ বিপৰীতে কলকাতা আৰু চেন্নাইত ই ১ লাখ ৮০ হাজাৰ টকাৰ ঘৰ অতিক্রম কৰে৷ কলকাতাত ১,৮০,৩০০ টকা আৰু চেন্নাইত ১,৮২,৯০০ টকা৷ উল্লেখ্য যে জানুৱাৰী মাহটোত অব্যাহত আছে সোণ আৰু ৰূপৰ দামৰ ঊর্ধ্বমুখী গতি৷ এই মাহতে প্রায় ২০ শতাংশ দাম বাঢ়িছে৷ সোণৰ ১.৮২ লাখৰ বিপৰীতে ৰূপৰ প্রতি কিলোগ্রামৰ দাম ৪.১০ লাখ টকা৷ সময় অতিবাহিত হোৱাৰ লগে লগে মুদ্রাস্ফীতিৰ বিপৰীতে সোণ নির্ভৰযোগ্য বুলি বিবেচিত হৈছে৷ বিনিয়োগকাৰীয়েও আৰু অধিক সোণত বিনিয়োগৰ কথা বিবেচনা কৰিছে৷ সোণৰ দাম বৃদ্ধি হোৱাৰ প্রধান কাৰণ হ’ল বিশ্বৰ ভূ–ৰাজনৈতিক অস্থিৰতা৷ এই উত্তেজনা প্রশমিত নোহোৱালৈকে সোণৰ দাম নকমে, বৰং আৰু বাঢ়িব৷ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ইৰান আক্রমণৰ আশংকাৰ লগতে দক্ষিণ কোৰিয়া আৰু কানাডাৰ ওপৰত আমেৰিকাই অধিক শুল্ক আৰোপ কৰাৰ ভাবুকি আদি কাৰকে সোণৰ মূল্যৰ ঊর্ধ্বগামিতাত ইন্ধন যোগাইছে৷ ২০২৬ বর্ষৰ আৰম্ভণিতে সমগ্র বিশ্বত ভূ–ৰাজনৈতিক উত্তেজনাৰ উপৰি মুদ্রাস্ফীতি আৰু ডলাৰৰ অস্থিৰতাৰ বাবে সোণৰ দামে অভিলেখ সৃষ্টি কৰিছে৷
বিশ্বজুৰি যুদ্ধসদৃশ পৰিস্থিতিয়ে বিনিয়োগকাৰীৰ মাজত ভীতিৰ সঞ্চাৰ কৰাৰ ফলত সোণৰ দাম বাঢ়িবলৈ ধৰিছে৷ শ্বেয়াৰ বজাৰত অনিশ্চয়তা পৰিলক্ষিত হোৱা বাবে বিনিয়োগকাৰীসকলে সোণৰ দিশে আগবাঢ়িছে৷ তদুপৰি আমেৰিকা যুক্তৰাষ্ট্রৰ ফেডাৰেল বেংকৰ সুদৰ হাৰ অপৰিৱর্তিত থকাটোও অন্যতম কাৰণ৷ সুদৰ হাৰ বৃদ্ধি নোহোৱাত দামী ধাতুতে বিনিয়োগ কৰাটো বুদ্ধিমানৰ কাম বুলি বিবেচনা কৰিছে বিনিয়োগকাৰীসকলে৷ আন্তঃৰাষ্ট্রীয় বজাৰতো একেই পৰিস্থিতি বিৰাজমান৷ বিশ্বজুৰি অর্থনৈতিক অনিশ্চয়তাৰ বাবে সোণৰ দাম আকাশলংঘী হৈছে৷ প্রায় ২৬ বছৰ পূর্বে ১ লাখ টকাৰ সোণৰ বিনিয়োগ বর্তমান প্রায় ৩৫ লাখ টকাত পৰিণত হৈছে৷ এয়া নিঃসন্দেহে চমকপ্রদ আৰু সোণ যে বিনিয়োগৰ বাবে বেছ শক্তিশালী সেই কথাকে প্রতিপন্ন কৰে৷ সোণৰ বাবে সাম্প্রতিক কালছোৱা সন্দেহাতীতভাৱে ঐতিহাসিক বিবেচিত হ’ব৷ ১৫ বছৰ ধৰি সোণৰ চাহিদা প্রায় একেই আছে আৰু সৰবৰাহতো উল্লেখনীয় হ্রাস পৰিলক্ষিত হোৱা নাই৷ তথাপি সোণ এনে এছোৱা কালৰ মাজেৰে আগবাঢ়িছে যে সেয়া এসময়ত অকল্পনীয় আছিল৷ বিশেষজ্ঞসকলে ইয়াৰ আঁৰত থকা কেইটামান কাৰণ উল্লেখ কৰিছে, যাৰ মাজত আছে নিৰাপদ বিনিয়োগৰূপে সোণৰ ক্রমাগত ক্রয়৷ যোৱা তিনিটা বছৰে সমগ্র বিশ্বতে কেন্দ্রীয় বেংকসমূহে নির্বিচাৰে সোণ কিনিবলৈ ধৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতিও ইয়াৰ বাবে দায়ী৷ তদুপৰি ভূ–ৰাজনৈতিক অস্থিৰতা আছেই৷ এই সকলোবোৰৰ কাৰণে অনিবার্যভাৱে সোণৰ দাম বঢ়োৱাত বাৰুকৈয়ে ইন্ধন যোগাইছে৷ ২০১০ চনৰ পৰা সোণৰ চাহিদা ১৫ শতাংশ বৃদ্ধি পাইছে৷ ভাৰত আৰু চীনৰ দৰে জনবহুল ৰাষ্ট্র দুখনো যোৱা ১৫ বছৰ ধৰি সোণৰ অন্যতম ক্রেতা৷ ভাৰতত সোণৰ দাম দ্রুতগতিত বাঢ়িবলৈ ধৰিছে৷ ২০১০ৰ দশকত ১০ গ্রাম সোণৰ দাম আছিল ৪০–৫০ হাজাৰ টকা৷ ১০ মাহ পূর্বে সোণৰ দাম ৭৭ হাজাৰ টকা আছিল৷ কেৱল চলিত বর্ষতে ভাৰতত সোণৰ দাম ৫১ শতাংশ বৃদ্ধি পাইছে৷ এইক্ষেত্রত কেন্দ্রীয় বেংকসমূহৰ ক্রয় উল্লেখনীয়৷ ২০২২, ২০২৩ আৰু ২০২৪ বর্ষত কেন্দ্রীয় বেংকসমূহে বছৰি ১,০০০ টনৰো অধিক সোণ কিনিছে৷ বিশ্ব স্বর্ণ পৰিষদৰ প্রতিবেদন অনুসৰি ২০২৫ বর্ষৰ মে’ৰ মাজভাগত কেন্দ্রীয় বেংকসমূহে আনুষ্ঠানিকভাৱে ৩৬,৩৪৪ টনৰো অধিক সোণ মজুত কৰিছে৷ কেন্দ্রীয় বেংকসমূহৰ এই সোণ ক্রয় অভিযান অব্যাহত থাকিব বুলি আশা কৰা হৈছে৷ কেন্দ্রীয় বেংকসমূহে বর্তমান বিশ্বৰ প্রায় এক চতুর্থাংশ সোণৰ ভাণ্ডাৰ ক্রয় কৰে, সেয়ে গহনা আৰু বিনিয়োগৰ উদ্দেশ্যে সৰবৰাহ বর্তমান হ্রাস পাবলৈ ধৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় বাজেট দাখিল কৰাৰ পূর্বসন্ধ্যা সোণ আৰু ৰূপৰ দাম ৯ শতাংশ কমিছে৷ বজাৰ বিশেষজ্ঞসকলৰ মতে, সাম্প্রতিক কালত এয়াই সোণ আৰু ৰূপৰ দামৰ সর্বাধিক পতন৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মল সীতাৰমণে আমদানি শুল্ক ৬ শতাংশৰ পৰা ৪ শতাংশ কমিব বুলি চর্চা চলাৰ লগে লগে সোণৰ দাম কমিল৷ শেহতীয়াকৈ সোণৰ দামৰ পতনৰ কাৰণ হ’ল বিনিয়োগকাৰীসকলে লাভ উঠাই লোৱাৰ লগতে আমেৰিকান ডলাৰৰ শক্তিশালী ৰূপে আত্মপ্রকাশ৷