১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপত চিৰবৈৰী পাকিস্তানক হৰুৱাই ছেমিফাইনেলত ভাৰত
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : আয়ুস মাত্রে নেতৃত্বাধীন ভাৰতে ১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপ ক্রিকেটৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ জিম্বাব’ৱেৰ বুলাৱায়োত অনুষ্ঠিত প্রতিযোগিতাখনৰ ছুপাৰ ছিক্সৰ হাইভল্টেজ মেচখনত ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক সহজেই ৫৮ ৰানত পৰাস্ত কৰি অন্তিম চাৰিলৈ উন্নীত হয়৷ ছেমিফাইনেলত ভাৰতীয় দলটোৱে আফগানিস্তানৰ বিপক্ষে মুখামুখি হ’ব৷
ইপিনে, বিজয় অপৰিহাৰ্য মেচখনত পৰাস্ত হৈ প্রতিযেগিতাখনৰ পৰা বিদায় মাগিলে পাকিস্তানে৷ মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ২৫৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি খিলান পেটেল আৰু আয়ুস মাত্রেৰ দর্শনীয় বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পাকিস্তানে ৪৬.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্রহ কৰে৷ দলটোৰ মাত্র চাৰিগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ ওছমান খানে সর্বাধিক ৬৬ ৰান কৰাৰ বিপৰীতে হামজা জহুৰে ৪২, অধিনায়ক ফাৰহান ইউছুফে ৩৮ ৰানৰ অৰিহণা আগবঢ়ায়৷ ভাৰতৰ হৈ খিলান আৰু আয়ুস উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও বেদান্ত ত্রিবেদীৰ দর্শনীয় ৬৮, কনিস্ক চৌহানৰ ৩৫, বৈভৱ সূর্যবংশীৰ ৩০, আৰএছ এম্ব্রিছৰ ২৯ আৰু বিহান মালহোত্রাৰ ২১ ৰানৰ সহায়ত ভাৰতে ৪৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্রহ কৰে৷ অধিনায়ক আয়ুস মাত্রেই কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷