ভাইমনদা ছবিৰ জুবিনখ্যাত পাৰ্থপ্ৰতিম প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ দৰ্শক
শ্বহীদ নগৰী ঢেকিয়াজুলিত জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ভাইমন দা বোলছবিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰি বিপুল সমাদৃত হোৱা পাৰ্থ প্ৰতীম হাজৰিকাই অভিনয়েৰে নহয় এইবাৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক বিমুগ্ধ কৰে।
জনপ্ৰিয় অভিনেতা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্য শিল্পী পাৰ্থ প্ৰতীম হাজৰিকাৰ পত্নীও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া আৰু ওডিছি নৃত্য শিল্পী ফ্ৰান্সৰ পেৰিন লিগউলনেও সত্ৰীয়া নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক বিস্ময়াবিমুগ্ধ কৰে।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া আৰু ওডিছি নৃত্য শিল্পী ফ্ৰান্সৰ পেৰিন লিগউলনে অসমীয়া ভাষাত সুন্দৰকৈ নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে মই যদিও ফ্ৰান্সৰ বৰ্তমান মোৰ ঘৰ হৈছে অসম৷ অসমৰ সংস্কৃতি অসমৰ খোৱা বোৱা সকলো বৰ ভাল লাগে বুলি অনুভৱ ব্যক্ত কৰে ফৰাছী নৃত্যশিল্পীগৰাকীয়ে ৷
ঢেকিয়াজুলিৰ অগ্ৰণী সংগীত নৃত্যৰ বিদ্যালয় নটৰাজ নৃত্যাংগন বিদ্যালয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা নৃত্য উৎসৱত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ সত্ৰীয়া নৃত্যৰ যুগলবন্দীৰে উপস্থিত ৰাইজক মোহাৱিষ্ট কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্য শিল্পী পাৰ্থ প্ৰতীম হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া আৰু ওডিছি নৃত্য শিল্পী ফ্ৰান্সৰ পেৰিন লিগউলনে ৷
ঢেকিয়াজুলিৰ ৫নং ৱাৰ্ডস্থিত জুবিন গাৰ্গ প্ৰেক্ষাগৃহত অনুষ্ঠিত নৃত্য উৎসৱত অংশগ্ৰহণ কৰে সংগীত নাটক একাডেমী পুৰস্কাৰেৰে বিভূষিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্য শিল্পী ৰঞ্জুমণি শইকীয়াই। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্য শিল্পী তথা দূৰদৰ্শন কেন্দ্ৰৰ শিল্পী অনিতা তামুলীয়ে বৰগীত পৰিৱেশন কৰি ৰাইজক মন্ত্ৰমুগ্ধ কৰাৰ লগতে নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন ৰঞ্জন বৰা বৰবায়নে সত্ৰীয়া নৃত্যৰ বেহাৰ নাছৰ ৰামদানী অংশ আৰু অভিনয় অংশত কীৰ্তনৰ শিশুলীলাৰ অধ্যায়ৰ পদৰ আধাৰত শিশু কৃষ্ণৰ বন্দন নৃত্য কৰি মুগ্ধ কৰে৷
উক্ত অনুষ্ঠানত সত্ৰীয়া আৰু ভাৰত নাট্যম্ শিল্পী উমৰাংছোৰ প্ৰিয়ংকা বৰা,বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী হেমন্ত ফুকন,ভাৰত নাট্যম শিল্পী সোণালী চৰকাৰ,দুলীয়াজানৰ সত্ৰীয়া নৃত্য শিল্পী বন্তি দত্ত হাজৰিকাই নৃত্য পৰিৱেশন কৰি আপ্লুত কৰে। শিক্ষয়িত্ৰী কংকনা বৰাই বৰগীত পৰিৱেশন কৰি সকলোকে অভিভূত কৰে ।
ঢেকিয়াজুলিৰ নটৰাজ নৃত্যাংগন বিদ্যালয়ৰ অধ্যক্ষা নূপুৰ বৰা ভূঞাই ঐকান্তিক প্ৰচেষ্টাৰে আয়োজন কৰা নৃত্য উৎসৱত বিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে সত্ৰীয়া নৃত্য,ভোৰতাল নৃত্য,গোপী নৃত্য,ভাৰতনাট্যম ,কথক নৃত্য পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলাৰ লগতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।অনুষ্ঠানটিৰ আঁত ধৰে কণ্ঠশিল্পী তথা শিক্ষয়িত্ৰী কংকনা বৰা আৰু দেৱীস্মিতা দেৱীয়ে ৷
বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ২ ফেব্ৰুৱাৰী