নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, হাইক’ৰ্টৰ সমীপত যুৱতীৰ কৰুণ মৃত্যু

দুৰ্ঘটনাই কালৰূপ ধাৰণ কৰিছে মহানগৰী গুৱাহাটীত। প্ৰতিটো দিনতেই যোন দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে নিৰীহ লোকৰ। পুনৰ মহানগৰীত ঘটিল এটা শোকাৱহ পথ দুৰ্ঘটনা।

কালি নিশা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে এখন অল্ট’ বাহনে। নিয়ন্ত্ৰণহীন অল্টো বাহনখনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী যুৱতীয়ে। নিহত যুৱতীগৰাকী ফটাশিল আমবাৰীৰ নিহা দাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বাহনখনত যুৱতীগৰাকীকে ধৰি আছিল ৪গৰাকী লোক। ইফালে অল্টোখনৰ চালকজনক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে। নিহা ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্রী।

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like