ভাৰত এৰি গুচি যাওক… META-ক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
কোনো ভাৰতীয় নাগৰিকৰ ব্যক্তিগত পৰিসৰত সোমাবলৈ কাকোৱেই অনুমতি দিয়া নহ’ব৷ কোনোধৰণৰ আপোচ কৰা নহ’ব গোপনীয়তাৰ প্রশ্নতো৷ হোৱাট্ছএপৰ নতুন সুৰক্ষা বিধি সন্দর্ভত মঙলবাৰে এই ভাষাতেই নিয়ন্ত্রক সংস্থা মেটাক ভর্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে৷
শীর্ষ ন্যায়ালয়খনে স্পষ্ট কৰি দিয়ে যে সংবিধান মানিব নোৱাৰিলে ভাৰত এৰি গুচি যাওক৷ উল্লেখ্য যে ২০২১ চনত হোৱাট্ছএপে নতুন সুৰক্ষা বিধি কার্যকৰী কৰিছিল৷ ইয়াক লৈ বহুতেই আপত্তি দর্শাইছিল৷ অভিযোগ উঠিছিল যে নতুন বিধিত গ্রাহকৰ ব্যক্তিগত তথ্য ব্যৱহাৰৰ কথা কোৱা হৈছে৷
কেৱল সেয়াই নহয়, নতুন সুৰক্ষা বিধিত সন্মতি নিদিলে হোৱাট্ছএপ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলিও জনাইছে মেটাই৷ এই অভিযোগৰ ভিত্তিত হোৱাট্ছএপক ২১৩ কোটি টকাৰ জৰিমনাও বিহে কম্পিটিচন কমিছন অৱ ইণ্ডিয়াই৷
হোৱাট্ছএপে গ্রাহকৰ তথ্য মেটাৰ অন্যান্য সংস্থাৰ হাতত তুলি দিয়াতো নিষেধাজ্ঞা জাৰি কৰা হয়৷ পিছত এই নিষেধাজ্ঞা উঠাই লয় ৰাষ্ট্রীয় কোম্পানী আইন আপীল ট্রিবিউনেলে৷ এই ৰায়ৰ বিৰুদ্ধে গোচৰ ৰুজু হয় উচ্চতম ন্যায়ালয়ত৷
মঙলবাৰে উক্ত গোচৰৰে শুনানি আছিল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ বিচাৰপীঠে কয়– ‘যদি আপোনালোকে সংবিধান মানিব নোৱাৰে তেনেহ’লে ভাৰত এৰি গুচি যাওক৷ আমাৰ ভাৰতীয় নাগৰিকসকলৰ গোপনীয়তাৰ সৈতে কোনোধৰণৰ আপোচ মানি লোৱা নহ’ব৷’
মেটাৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ত বক্তব্য উত্থাপন কৰিছে আইনজীৱী মুকুল ৰোহটোগী আৰু অখিল শিৱালে৷
ডিজিটেল ডেস্ক, ৩ ফেব্রুৱাৰী