বালিপৰাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ৯ শিক্ষাৰ্থীৰ ৰাজ্যিক বৃত্তি লাভ
বালিপৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ নগৰাকী শিক্ষাৰ্থীয়ে অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, ৰাজ্যিক বৃত্তি পৰীক্ষাত বিদ্যালয়খনৰ শিক্ষাৰ্থী ক্ৰমে তনয়া ৰক্ষীত (চতুৰ্থ শ্ৰেণী), দৰ্পণা দাস ( চতুৰ্থ শ্ৰেণী ), জ্যোতিষ্মা দাস (চতুৰ্থ শ্ৰেণী), ময়ূৰ দাস (তৃতীয় শ্ৰেণী), গীতাশ্ৰী দাস (তৃতীয় শ্ৰেণী), নিষ্ঠাজিতা শইকীয়া (তৃতীয় শ্ৰেণী), ভৈৰৱী শইকীয়া (তৃতীয় শ্ৰেণী), ৰাজদ্বীপ দাস (তৃতীয় শ্ৰেণী), আৰু চয়নিকা বৰাই (তৃতীয় শ্ৰেণী) ৰাজ্যিক বৃত্তি লাভ কৰিছে।
শিক্ষাৰ্থীসকলৰ এই সফলতাত বিদ্যালয় পৰিয়াল, অভিভাৱক, সচেতন শৈক্ষিক সমাজে সন্তুষ্টি প্ৰকাশ কৰিছে।
নিয়মীয়া বাৰ্তা, বালিপৰা, ৪ ফেব্ৰুৱাৰী