নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় একাডেমিক গৱেষক সন্থাৰ পৰা শ্ৰেষ্ঠ গৱেষক বঁটাৰ বাবে নিৰ্বাচিত ড০ গিৰীশ বৰুৱা

যোৰহাট নিৱাসী অৱসৰপ্ৰাপ্ত জেষ্ঠ গৱেষক ড° গিৰীশ বৰুৱাক ভাৰতীয় একাডেমিক গৱেষক সন্থাৰ পৰা ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ গৱেষক বঁটাৰ বাবে নিৰ্বাচন কৰিছে ৷ ভাৰতীয় একাডেমিক গৱেষক সংস্থা তিৰুচিৰাপল্লী তামিলনাডুৰ পৰা Best Academic. Researcher Award 2025  ড° গিৰীশ বৰুৱাক একাডেমিয়ে আয়োজন কৰা সভাত প্ৰদান কৰিব বুলি পত্ৰযোগে জনাইছে৷

ৱালটেয়াৰত থকা অন্ধ্র বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. উপাধিৰে বিভূষিত ড০ গিৰীশ বৰুৱাই ২০০২ চনতে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক আৰু বিদ্যায়তনিক উপাধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছে।

তেওঁ বৰ্তমানলৈকে ১১৪ খন গ্রন্থ ইংৰাজী আৰু অসমীয়াত ভাষাত গ্ৰন্থ প্রকাশ কৰিছে। উপৰি অনুবাদ আৰু সম্পাদনাও আছে প্রায় ৯০০-ৰ ওচৰা-উচৰি প্রবন্ধ বিভিন্ন আলোচনী আৰু খবৰ কাগজত প্রকাশিত হৈছে। এই গৰাকী গৱেষকৰ চমু জীবনপঞ্জী সাহিত্য অকাডেমীয়ে প্রকাশ কৰা Who’s Who of Indian Writers, দর্শন গবেষণাৰ ভাৰতীয় পৰিষদে প্ৰকাশ কৰা Who’s Who of Teachers and Scholars of Philosophy of India আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাউলিং গ্রীণ বিশ্ববিদ্যালয়ে প্রকাশ কৰা Philosopher’s Index-ত প্রকাশ পাইছে।

ড০ বৰুৱাই ইতিমধ্যে চক্ৰেটিছৰ গ্ৰীচ দেশ ভ্রমণ কৰিছে। ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত সমল ব্যক্তি ৰূপে বক্তৃতা প্রদান আৰু আলোচনা চক্রত ভাগ লৈ আহিছে। তেওঁ ‘সংবাদ প্রভাত’ নামৰ দৈনিক ই-কাকতৰ মুখ্য সম্পাদক আছিল৷ ৮০ বছৰ গৰকা ড° গিৰীশ বৰুৱালৈ এই সন্মান আগবঢ়োৱাৰ বাবে যোৰহাটৰ শিক্ষা তথা সুধীগণ যথেষ্ট আনন্দি হৈছে৷

নিয়মীয়া বাৰ্তা, বাহনা, ৪ ফেব্ৰুৱাৰী

You might also like