তামাৰহাটৰ নাও দুৰ্ঘটনা: ৭ দিন পিছত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
তামাৰহাটৰ গংগাধৰ নদীত সংঘটিত নাও দুৰ্ঘটনাৰ সাত দিন পিছত এক শোকাৱহ পৰিণতি পোহৰলৈ আহিছে। আজি পুৱতিনিশা দ্বিতীয়জন ছাত্ৰৰ মৃতদেহ গংগাধৰ নদীৰ কঠালতলি অঞ্চলৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে এক সপ্তাহ ধৰি নদীত সন্ধানহীন হৈ আছিল মফিদা খাতুন আৰু সাহা আলম নামৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী। আজি উদ্ধাৰ হোৱা মৃতদেহটো সাহা আলমৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
স্মৰণীয় যে, ৩ ফেব্ৰুৱাৰীৰ বিয়লি গংগাধৰ নদীৰ বেলপাৰা চৰত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত তিনিজন ছাত্ৰ-ছাত্ৰী নদীত পৰি সন্ধানহীন হৈছিল। ইয়াৰে এজনৰ মৃতদেহ পূৰ্বেই উদ্ধাৰ হৈছিল।
এই ঘটনাৰ পিছত এতিয়াও মফিদা খাতুন নামৰ ছাত্ৰীগৰাকী সন্ধানহীন হৈ আছে। ছাত্ৰীগৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে। ঘটনাটোক লৈ অঞ্চলজুৰি শোকৰ ছাঁ নামি আহিছে।
ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী