নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গিবন অভয়াৰণ্যত বিদ্যুৎস্পৃষ্ট হৈ গিবনৰ মৃত্যু

গিবন অভয়াৰণ্যত এক শোকাৱহ ঘটনাত এটা প্ৰাপ্তবয়স্ক মতা গিবনৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এজোপা গছৰ পৰা আন এজোপা গছলৈ জঁপিয়াই ৰে’লৰ আলি অতিক্ৰম কৰাৰ সময়তে গিবনটো ২৫ হাজাৰ ভল্টেজ বিদ্যুৎ প্ৰবাহিত ৰে’ললাইনৰ ওপৰৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয়।

জানিব পৰা মতে, ৩৭৩/১২ নম্বৰৰ বিদ্যুৎ খুঁটাৰ ওপৰৰ তাঁৰত লাগি গিবনটো ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাস্থলীত বন বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ উপস্থিত হৈছিল বুলি কোৱা হৈছে।

এই ঘটনাক লৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে যে সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ পৰা গোপন ৰাখিবলৈ বন বিভাগে অপচেষ্টা চলাইছিল। এই অভিযোগে ঘটনাটোক লৈ অধিক চৰ্চাৰ সৃষ্টি কৰিছে।

বন্যপ্ৰাণী সুৰক্ষা আৰু ৰে’ল–বিদ্যুৎ আন্তঃগাঁথনিৰ সুৰক্ষামূলক ব্যৱস্থা সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। গিবন অভয়াৰণ্যত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী

You might also like