সোণাৰিৰ কাষৰীয়া জলাহ তিনিআলিত অৱস্থিত সাৰ্বজনীন সৰস্বতী মন্দিৰত সংঘটিত হৈছে অঘটন। মন্দিৰত থকা দেৱী সৰস্বতীৰ প্ৰতিমাটো ভাঙি লণ্ডভণ্ড কৰে অচিনাক্ত দুর্বৃত্তই। মৃণ্ময় মূৰ্তিৰ লগতে মন্দিৰটোত থকা পূজাৰ সামগ্ৰীসমূহ নষ্ট কৰিলে দুর্বৃত্তই।
ঘটনাৰ বিৱৰণী মতে, আজি পুৱা এজন স্থানীয় লোকে মন্দিৰলৈ সেৱা আগবঢ়াবলৈ যাওঁতে মন্দিৰৰ দুৱাৰ খোল খাই থকা দেখি কিবা অঘটন সংঘটিত হোৱাৰ অনুমান কৰি গাঁওবাসীক খবৰ দিয়ে। ঘটনাটোৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ লগে লগে গঞা ৰাইজ উপস্থিত হৈ মন্দিৰৰ ভিতৰভাগ নিৰীক্ষণ কৰোঁতে ইয়াত প্রতিষ্ঠা কৰা সৰস্বতী দেৱীৰ মৃণ্ময় প্রতিমাটোৰ মুখমণ্ডল, দুখন হাত, দেৱীৰ বীণা আদি ভাগি থকা প্রত্যক্ষ কৰে। লগে লগে ৰাইজে বিষয়টো সোণাৰি আৰক্ষী থানাত অৱগত কৰে। ঘটনাৰ খবৰ পাই উক্ত স্থানত গৈ উপস্থিত হোৱা সোণাৰি আৰক্ষীৰ এটা দলে মন্দিৰৰ লগতে ইয়াত থকা দেৱীৰ প্ৰতিমাটো পৰীক্ষা কৰি কোনে এই দুষ্কার্য সংঘটিত কৰিলে, ইয়াৰ তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মন্দিৰৰ কাষত এটা সমূহীয়া ভৱনত ৰাখি থোৱা সৰস্বতীৰ পুৰণা মূৰ্তি এটাও দুষ্কৃতিকাৰীৰ দলটোৱে ভাঙি পেলোৱা প্রত্যক্ষ কৰে। ঘটনাটোৱে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে মূর্তি ভঙা দুষ্কাৰ্যৰ সৈতে জড়িত থকা অপৰাধীক শীঘ্রেই চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে।