৪২বাৰৰ চেম্পিয়ন মুম্বাই বাহিৰ : অন্তিম চাৰিলৈ কর্ণাটক
প্রথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ ছেমিফাইনেলত প্রৱেশ কৰিলে জম্মু–কাশ্মীৰে৷ চলিত ছিজনৰ প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেলত মধ্যপ্রদেশৰ বিৰুদ্ধে ৫৬ ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্রৱেশ কৰাই নহয়, ইতিহাসো ৰচনা কৰে জন্মু–কাশ্মীৰে৷
মেচখনত জম্মু–কাশ্মীৰে জয়ৰ বাবে বান্ধি দিয়া ২৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মধ্যপ্রদেশে আগদিনা ৫ উইকেটত কৰা ৮৭ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি চতুর্থ তথা অন্তিম দিনা ২৩৪ ৰানত দ্বিতীয় ইনিংছ সামৰে৷
দ্বিতীয় ইনিংছত দলটোৰ হৈ সর্বাধিক ৬৪ ৰান কৰে সাৰংশ জৈনে৷ মেচখনত জম্মু–কাশ্মীৰৰ জয়ৰ মূলতে আছিল আকিব নবীৰ বিধ্বংসী বলিং৷ প্রথম ইনিংছত ৭টা উইকেট লাভ কৰা আকিবে দ্বিতীয় ইনিংছতো মধ্যপ্রদেশৰ ৫টা উইকেট দখল কৰে আৰু মেচখনৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷
উল্লেখ্য যে জম্মু–কাশ্মীৰে প্রথম ইনিংছত ১৯৪ আৰু দ্বিতীয় ইনিংছত ২৪৮ ৰান কৰাৰ বিপৰীতে মধ্যপ্রদেশে ১৫২ ৰানত প্রথম ইনিংছ সামৰিছিল৷
ইফালে ৪২বাৰৰ চেম্পিয়ন মুম্বায়ে প্রতিযোগিতাখনত কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় মাগিছে৷ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ৩২৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি লোকেশ ৰাহুলৰ ১৩০ ৰানৰ সহায়ত কর্ণাটকে ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷
উল্লেখ্য যে মুম্বায়ে প্রথম ইনিংছত ১২০ আৰু দ্বিতীয় ইনিংছত ৩৭৭ ৰান কৰাৰ বিপৰীতে কর্ণাটকে প্রথম ইনিংছত ১৭৩ ৰান কৰে৷
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী