গোৱালপাৰা জিলাৰ শোলমাৰীত যোৱানিশা আৰক্ষীৰ জালত পৰে ৩ জালনোট সৰবৰাহকাৰী। জানিব পৰা মতে, পশ্চিম গোৱালপাৰা সমজিলা আৰক্ষী অধীক্ষক অভিলাশ বৰুৱাৰ নেতৃত্বত আগিয়া থানা আৰু লক্ষীপুৰ থানাৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত লক্ষীপুৰৰ পৰা খেদি খেদি আহি শোলমাৰীৰ কোচপাৰাত তিনি জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী দলটোৰ পৰা ৭.৫ লক্ষাধিক টকাৰ জালনোট উদ্ধাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জালনোট সৰবৰাহকাৰী ক্ৰমে টুকুৰা তৃতীয় খণ্ডৰ ৰছিদুল ইছলাম (২৯), ৰামহৰিচৰ নাকালিয়াপাৰাৰ ৱাজেদ আলী (৩২) আৰু কৃষ্ণাইৰ জাহিদুল ইছলাম (২৬)। জালনোট চক্ৰটোৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল ফোন আৰু দুখন বাইক উদ্ধাৰ কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল এই অভিযান।