বক্সিৰহাটত অসম অভিমুখী আলু পৰিবাহী ট্ৰাকত ম’হ উদ্ধাৰ
ধুবুৰী জিলাৰ অসম-বংগ সীমামূৰীয়া পশ্চিমবংগৰ বক্সিৰহাটত অসম অভিমুখী এখন আলুৰ বস্তাবাহী ট্ৰাকৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে ২৪টাকৈ মজলীয়া আকাৰৰ ম’হ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ দুজনকৈ লোকক আটক কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত পশ্চিমবংগৰ বক্সিৰহাট আৰক্ষীয়ে তুফানগঞ্জৰ দিশৰ পৰা ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া অভিমুখী এএছ০১আৰছি/৮১৭৬ নম্বৰৰ এখন আলুৰ বস্তাবাহী এখন ট্ৰাকত তালাচী চলায়।
তালাচীত আলুৰ বস্তাৰ তলত সংগোপনে লুকুৱাই অনা ২৪টাকৈ মজলীয়া আকাৰৰ ম’হ উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত হালাকুৰাৰ পোকালাগি ৩য় খণ্ডৰ বাসিন্দা ৰাজু আলী আৰু দেলোৱাৰ হুছেইন নামৰ দুজন ব্যক্তিকো বংগ আৰক্ষীয়ে আটক কৰা বুলি প্ৰকাশ।
উল্লেখ্য যে আৰক্ষীৰ কেইবাটাও সফল অভিযানে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ বহিঃৰাজ্যৰ পৰা সৰু-বৰ বাহনত সংগোপনে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া হৈ অসমলৈ পশুধন প্ৰেৰণ কৰাৰ হাৰ বৃদ্ধি পোৱাটো স্পষ্ট কৰি দিছে আৰু স্বাভাবিক ভাবেই ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইদৰে পশুধনৰ চোৰাং বেহা বৃদ্ধি পাবলৈ লোৱাৰ ঘটনা কিন্তু তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১১ ফেব্ৰুৱাৰী