চাৰিচকীয়া বাহনৰ খুন্দাত কিশোৰৰ প্ৰাণহানি
শিলচৰৰ উদাৰবন্দৰ মধুৰাত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত এজন স্কুলীয়া ছাত্ৰৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ঘটনাটো উদাৰবন্দ থানাৰ অন্তৰ্গত মধুৰা অঞ্চলত সংঘটিত হৈছে। মৃত ছাত্ৰজন মধুৰা সনাতন সমিতি হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ কাৰ্তিক দাস (১৪) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, কাৰ্তিকে এটা কীৰ্তন অনুষ্ঠানত প্ৰসাদ গ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল। সেই সময়তে উদাৰবন্দ অভিমুখে আহি থকা এখন দ্ৰুতবেগী ‘HR’ নম্বৰৰ বাহনে বিপৰীত দিশৰ পৰা কাৰ্তিকক প্ৰচণ্ড জোৰে খুন্দা মাৰে।
বাহনৰ খুন্দাত কাৰ্তিক গুৰুতৰভাৱে আহত হৈ ৰাস্তাত চিটিকি পৰে। স্থানীয় ৰাইজে তেওঁক ততাতৈয়াকৈ উদ্ধাৰ কৰি উদাৰবন্দ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনাৰ পিছতে অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ঘাতক বাহনখন জব্দ কৰা হৈছে যদিও চালকজন পলাই যাবলৈ সক্ষম হয়। খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ বিশাল বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ৰণ কৰে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
ডিজিটেল ডেস্ক, ১২ ফেব্ৰুৱাৰী