টি-২০ বিশ্বকাপত জিম্বাব’ৱেৰ হাতত পৰাস্ত শক্তিশালী অষ্ট্ৰেলিয়া
নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : টি-২০ বিশ্বকাপত সৰু দলসমূহৰ চমক অব্যাহত আছে। আজি বিশ্বকাপৰ এখন মেচত আন এক অঘটন সংঘটিত কৰে জিম্বাব’ৱেই। অষ্ট্ৰেলিয়াক কঠিন পৰীক্ষাৰ সন্মুখীন কৰায় ছিকন্দৰ ৰাজাৰ দল জিম্বাব’ৱেই।
আজি অনুষ্ঠিত গ্ৰুপ ‘বি’ৰ অষ্ট্ৰেলিয়া আৰু জিম্বাব’ৱেৰ মাজৰ মেচখনত প্ৰথমে বেটিং কৰি জিম্বাব’ৱেই ২ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ১৭০ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি অষ্ট্ৰেলিয়াই ১৯.৩ অভাৰত ১৪৬ ৰানত অলআউট হয়। কেংগাৰু দলটোৱে সম্পূৰ্ণ ২০ অভাৰো বেটিং কৰিবলৈ সক্ষম নহ’ল। ফলত ২৩ ৰানত জয়লাভ কৰে জিম্বাব’ৱেই।
উল্লেখ্য যে ১৭০ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ নামি ২৯ ৰানত ৪টা উইকেট হেৰুৱাই চাপত পৰে অষ্ট্ৰেলিয়া। কলম্বোৰ ২২ গজত জিম্বাব’ৱেৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে কেংগাৰু বাহিনীৰ প্ৰথম চাৰিজন বেটাৰে। জছ ইংলিছ (৮), ট্ৰেভিছ হেড (১৭), কেমেৰন গ্ৰীন (০) আৰু টিম ডেভিডে (০) বিশেষ কোনো অৱদান আগবঢ়াবলৈ সক্ষম নহ’ল। সেই সময়ত অষ্ট্ৰেলিয়া সম্পূৰ্ণ দিশহীন হৈ পৰে। চাপৰ মাজত পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে গ্লেন মেক্সৱেল আৰু মেট ৰেনশ্বই। পাঁচ নম্বৰত নমা মেক্সৱেলে ৩২ বলত ৩১ ৰান কৰে। তেওঁলোকৰ পঞ্চম উইকেটৰ যুটিত ৭৭ ৰান যোগ হয়। পিছত মেক্সৱেলক আউট কৰে ৰায়ান বাৰ্লে। ৰেনশ্বই যথেষ্ট চেষ্টা কৰিও ৪৪ বলত ৬৫ ৰান কৰে। মেক্সৱেল আউট হোৱাৰ পিছতেই অষ্ট্ৰেলিয়াৰ আশা যেন শেষ হয়। ব্যৰ্থ হয় মাৰ্কাছ ষ্টইনিছ (৬), বেন ডৱৰশ্বুইছ (৬)। দলক সহায় কৰিব নোৱাৰিলে আডাম জাম্পা (২), মেথিউ কুনেমানে (০)। ৭ ৰানত অপৰাজিত থাকে নাথান এলিছ।
সমগ্ৰ মেচখনত জিম্বাব’ৱেৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙে অষ্ট্ৰেলিয়ান বেটাৰক চাপত ৰাখে। জিম্বাব’ৱেৰ সৰ্বাধিক সফল বলাৰ মুজাৰাবানিয়ে ১৭ ৰানত ৪টা উইকেট ল’লে। ২৩ ৰানত ৩টা উইকেট লয় ইভান্ছে। ৯ ৰানত ১টা উইকেট লয় বাৰ্লে। ইয়াৰ উপৰি ৩৬ ৰানত ১টা উইকেট লয় ৱেলিংটন মাছাকাদজাই।
মেচখনত টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াৰ অধিনায়ক হেডে। প্ৰথমে বেটিঙৰ সুযোগ লাভ কৰি জিম্বাব’ৱেৰ দুই অ’পেনাৰে ভাল আৰম্ভণি দিয়ে। তাদিওৱানাশে মাৰুমানিয়ে ২১ বলত ৩৫ ৰান কৰে। তিনি নম্বৰত নমা বাৰ্লে ৩০ বলত ৩৫ ৰান কৰে। শেষলৈকে ক্ৰিজত থকা আনজন অ’পেনাৰ ব্ৰায়ান বেনেটে ৫৬ বলত ৬৪ ৰান কৰি অপৰাজিত হৈ থাকে। বেনেটৰ সৈতে শেষলৈকে আছিল ৰাজা, ৰাজাই ১৩ বলত ২৫ ৰান কৰি অপৰাজিত হৈ থাকে।
ক্ৰিকেট বিশ্বত নিজৰ শক্তিশালী খেলেৰে দপদপাই থকা অষ্ট্ৰেলিয়া দলটো তুলনামূলকভাৱে দুৰ্বল জিম্বাব’ৱেৰ হাতত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।