ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসমবাসী। অসমত সৃষ্টি হ’ল এক নতুন ইতিহাসৰ। শনিবাৰে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান। ইয়াৰ লগতে মৰাণৰ আকাশত সৃষ্টি হয় এক ইতিহাস । ৰাষ্ট্ৰীয় ঘাইপথ ELFত গৰজি উঠে সুখয়, ৰাফেল আৰু হাৰকিউলিছ C 130J।
উল্লেখ্য যে হাৰকিউলিছ C 130J বিমানেৰে মৰাণৰ জৰুৰীকালীন বিমান অৱতৰণ (ELF)ৰ সুচল চাৰিলেনযুক্ত ৰাজপথ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ELFত যুদ্ধ বা জৰুৰীকালীন অৱস্থাত যুঁজাৰু বিমান, পৰিবহণ বিমান আৰু হেলিকপ্টাৰ অৱতৰণ কৰিব পাৰিব।
এই হাইৱে ষ্ট্ৰিপ যুদ্ধ বা জৰুৰীকালীন অৱস্থাত যুদ্ধ বিমান অৱতৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব। উত্তৰ-পূব ভাৰতৰ প্ৰতিৰক্ষা আৰু কৌশলগত প্ৰস্তুতিৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ।
মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাৰ পিছতে মৰাণৰ আকাশমাৰ্গত আৰম্ভ হয় বায়ুসেনা বাহিনীৰ এয়াৰ শ্ব’। এখনৰ পিছত আনখন যুঁজাৰু বিমানে আকাশমাৰ্গত কলা-কৌশল প্ৰদৰ্শন কৰি দেখুৱালে ভাৰতৰ শক্তি। মৰাণৰ আকাশত উৰিল ছুখয়, ৰাফেল, তেজছ, হাৰকিউলিছসহ ১৬খন যুঁজাৰু বিমান। একপ্ৰকাৰ এই এয়াৰ শ্ব’ৰ দ্বাৰা ৰঙা চীনক কঠোৰ বাৰ্তা দিয়ে ভাৰতে।
জৰুৰীকালীন অৱতৰণ সুবিধা এনেকুৱা এটা ঘাইপথৰ ষ্ট্ৰীপ, য’ত সাধাৰণ সময়ত বাহন চলি থাকে, কিন্তু প্ৰয়োজন হ’লে ইয়াক ৰানৱেলৈ ৰূপান্তৰিত কৰি বিমান অৱতৰণ আৰু উৰাজাহাজ উৰাব পাৰি। ডিব্ৰুগড়-মৰাণ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত নিৰ্মিত এই পথটোৰ দৈৰ্ঘ্য ৪.২ কিলোমিটাৰ।