কলম্বোত আজি বিশ্বকাপৰ বহু প্রতীক্ষিত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ
ডিজিটেল ডেস্ক, ১৫ ফেব্রুৱাৰী : বহু বাকবিতণ্ডাৰ অন্তত অৱশেষত আজি কলম্বোত অনুষ্ঠিত হ’ব চলিত টি–২০ বিশ্বকাপৰ বহুচর্চিত ভাৰত আৰু পাকিস্তানৰ হাইভল্টেজ মেচখন৷ বিশ্বকাপৰ আৰম্ভণিৰ পূর্বৰে পৰা এই বহু প্রতীক্ষিত মেচখন আয়োজনক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছিল৷ বাংলাদেশক বিশ্বকাপৰ পৰা বাদ দিয়াৰ পিছত পাকিস্তানেও আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ভাৰতৰে মেচ বর্জন কৰাৰ সিদ্ধান্ত লৈছিল যদিও ৮ দিনৰ পিছত আইচিচিৰ ওচৰত সেও মানি ভাৰতৰে মেচ খেলিবলৈ সন্মতি জনায়৷
মেচখন নির্ধাৰিত সূচী মতে আৰম্ভ হ’ব বুলি আইচিচিয়ে সদৰী কৰাৰ পিছতে কলম্বো অভিমুখী সকলো বিমানৰ ভাৰা ৬ গুণলৈ বৃদ্ধি হয়৷ বিশ্ববাসীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা আজিৰ এই বহু প্রতীক্ষিত মেচখনক লৈ সম্পূর্ণৰূপে সাজু হৈছে দুই চিৰন্তন প্রতিদ্বন্দ্বী দল ভাৰত আৰু পাকিস্তান৷ ইতিমধ্যে মেচখনৰ বাবে দুয়োটা দলে পৃথক পৃথক ৰণনীতি প্রস্তুত কৰিছে৷ আজিৰ এই গুৰুত্বপূর্ণ মেচখনত ওছমান তাৰিক পাকিস্তানৰ ট্রাম্পকার্ড হ’ব বুলি চর্চা চলি থকাৰ সময়তে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে তাৰিকক লৈ আমি কোনো চিন্তা কৰা নাই৷ স্পিনাৰগৰাকীৰ বিপক্ষে কোনো বিশেষ ৰণনীতিও আমি প্রস্তুত কৰা নাই৷ সতীর্থসকলে নিজৰ স্বভাৱসুলভ খেল দাঙি ধৰিব৷ আমি প্রথমৰ পৰাই আক্রমণাত্মক খেল খেলাৰ পৰিকল্পনা কৰিছোঁ৷ যিটো আমাৰ পূর্বৰে পৰা চলি আহিছে৷
ইফালে, আজিৰ এই গুৰুত্বপূর্ণ মেচখনত মূল একাদশলৈ উভতি আহিব মহম্মদ ছিৰাজ৷ ছিৰাজৰ প্রত্যাৱর্তনত অর্শদীপ সিঙে স্থান হেৰুৱাব লাগিব বুলি উল্লেখ কৰি সূর্য কুমাৰে লগতে কয় যে মেচখনত আমি পাকিস্তানৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু আছোঁ৷
বিশ্ববাসীৰ বহু প্রতীক্ষিত মেচখনক লৈ সষ্টম হৈ পৰিছে শ্রীলংকা৷ মেচখনত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি সমগ্র ষ্টেডিয়ামতে সশস্ত্ৰ বাহিনী নিয়োগ কৰিব শ্রীলংকা চৰকাৰে৷ শ্রীলংকাৰ প্রেমদাসা ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে শ্রীলংকা কর্তৃপক্ষই৷ ভাৰত–পাকিস্তান দুয়োটা দলৰ বাবে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে শ্রীলংকা চৰকাৰে৷ খেলৰ সময় : নিশা ৭ বজা৷