এআই প্রযুক্তিত বিশ্বক নেতৃত্ব দিব ভাৰতে, চ্যেট জিপিটিৰ স্রষ্টা ছেম অল্টমেনৰ দাবী
নিউজ ডেস্ক, ১৬ ফেব্রুৱাৰী : কৃত্রিম বুদ্ধিমত্তা বা এআই প্রযুক্তিত সমগ্র বিশ্বকে নেতৃত্ব দিয়াৰ ক্ষমতা আছে ভাৰতৰ৷ এনে এটি মত প্রকাশ কৰিলে অ’পেন আইৰ কর্ণধাৰ ছেম অল্টমেনে৷ চ্যেট জিপিটিৰ স্রষ্টাগৰাকীয়ে জনায় যে ভাৰতত যিদৰে দিনে দিনে এআই প্রযুক্তিৰ ব্যৱহাৰ বাঢ়িব ধৰিছে, তালৈ চাই এই দেশত ব্যৱসায়ৰ বিস্তাৰ ঘটোৱাৰ কথাও ভবা হৈছে৷ আনকি অংশীদাৰিত্বৰ পথতো আগবাঢ়িব পাৰে বুলি তেওঁ জনায়৷
ঘটনা চক্রত কিছুদিন পূর্বে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প প্রশাসনৰ ৰোষত পৰিছিল অ’পেন আই৷ ভাৰতৰ সৈতে শুল্ক যুদ্ধ আৰু বাণিজ্য চুক্তিক লৈ বিবাদৰ মাজতে হোৱাইট হাউছৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰ’ৱে অভিযোগ কৰিছিল যে আমেৰিকাৰ কৰদাতাসকলৰ ধনেৰে ভাৰত, চীনৰ দৰে বিভিন্ন দেশক এআই সেৱা আগবঢ়াইছে চ্যেট জিপিটিয়ে৷
সোমবাৰৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ’ব ‘গ্ল’বেল এআই ইমপেক্ট ছামিট–২০২৬’৷ এই সন্মিলনত যোগ দিবলৈ আহি অল্টমেনে জনায় যে অ’পেন আইৰ ব্যৱহাৰকাৰীৰ সংখ্যাৰ নিৰিখত আমেৰিকাৰ পিছতেই ভাৰতৰ স্থান৷ ভাৰতত চ্যেট জিপিটিৰ সক্রিয় ব্যৱহাৰকাৰীৰ সংখ্যা বর্তমান ১০ কোটি৷ কেৱল সেয়াই নহয়, সমগ্র বিশ্বতে যিমান শিক্ষার্থীয়ে চ্যেট জিপিটিৰ ব্যৱহাৰ কৰে, তেওঁলোকৰ ভিতৰত ভাৰতীয়সকলৰ সংখ্যাই আটাইতকৈ বেছি৷ এআই টুল ব্যৱহাৰত বিশ্বৰ চতুর্থ স্থানত আছে ভাৰত৷ যোৱা বছৰ নতুন দিল্লীত নতুন কার্যালয় খুলিছে অ’পেন আয়ে৷ এইবাৰ চৰকাৰৰ সৈতে এআই প্রযুক্তিক লৈ চুক্তিৰ পথত আগবাঢ়িব বুলিও ইংগিত দিয়ে তেওঁ৷