নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত পুনৰ নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভঃ আক্ৰান্তৰ সংখ্যা মুঠ ২৬ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শনিবাৰে নিশা পুনৰ ৰাজ্যত নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে । যাৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে ।

ইপিনে নতুনকৈ আক্ৰান্ত লোকজন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি জানিব পৰা গৈছে । এই আক্ৰান্ত লোকজন কাছাৰ জিলাৰ বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ।

You might also like