নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত টালি–টোপোলা লৈ প্ৰায় ১৫ ঘণ্টা ৰাজপথত কটালে পাক খেলুৱৈয়ে

📌 পাক হকী ফেডাৰেচনে পৰিশোধ কৰা নাছিল হোটেলৰ বিল

নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : পকেটত পইচা নাই৷ তথাপি পাকিস্তানৰ হকী দলটোৱে এখন টুর্নামেণ্ট খেলিবলৈ বিদেশলৈ গৈছিল৷ কিন্তু ধন দিব নোৱাৰাৰ বাবে হোটেলত বাচন–বর্তন মাজিবলগীয়া হৈছিল পাকিস্তানৰ ৰাষ্ট্রীয় দলটোৰ খেলুৱৈসকলে৷ এই সমস্ত ঘটনা পোহৰলৈ আনে পাক দলটোৰ অধিনায়ক হমাদবাটে৷ ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হয়৷ আনকি পাকিস্তানৰ প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফেও তদন্তৰ নির্দেশ দিয়ে৷

এফআইএইচ প্র’ লীগৰ দ্বিতীয় লেগ খেলিবলৈ অষ্ট্রেলিয়ালৈ গৈছিল পাকিস্তান দলটো৷ অষ্ট্রেলিয়াৰ কেনবেৰাত আয়োজক দেশৰ হাতত পৰাস্ত হয় পাকিস্তানী দলটো৷ ইয়াৰ পিছত পাকিস্তানৰ হকী দলটোৱে এক অস্বস্তিকৰ ঘটনাৰ সাক্ষী হ’ল৷ পাকিস্তান হকী ফেডাৰেচনে হোটেলৰ বুকিং বাতিল কৰি দিলে আৰু তেওঁলোকে টালি–টোপোলা লৈ ১২ৰ পৰা ১৫ ঘণ্টা ধৰি ৰাজপথত ঘূৰি ফুৰিবলগীয়া হ’ল৷ আনকি তেওঁলোকে বাচন–বর্তন ধুব লগা হৈছিল৷

দলটোৰ দুর্দশাৰ ওপৰত আলোকপাত কৰি পাকিস্তানৰ জাতীয় দলৰ অধিনায়কগৰাকীয়ে কয়- ‘অষ্ট্রেলিয়া ভ্রমণৰ কথা আহিলে বিমান আৰু হোটেলৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰোঁ৷ ছিডনীত অৱতৰণ কৰাৰ পিছত আমি অপেৰা ষ্ট্রীটৰ ওচৰত ১২ৰ পৰা ১৫ ঘণ্টা অসহায় মানুহৰ দৰে ঘূৰি ফুৰিব লগা হৈছিল৷ আনকি কোনেও আমাৰ ফালে চোৱা নাছিল৷ হোটেল নাছিল৷ আমাক সময় মতে খাদ্য দিয়া হোৱা নাছিল৷ আনকি পাকঘৰটোও চাফা কৰিব লগা হৈছিল৷ বাচন–বর্তন ধুব লগা হৈছিল৷

পাক অধিনায়কগৰাকীয়ে লগতে কয়- ‘প্রথমে মই স্পষ্টকৈ কওঁ যে পাকিস্তানলৈ যি খবৰ আহিছে সেয়া সম্পূর্ণ সঁচা৷ দলটোৱে যিবোৰ ভিডিঅ’ প্রেৰণ কৰিছিল সেইবোৰ সঁচা৷’ আমাৰ দলৰ পৰিচালনা সমিতিয়ে কৈছিল যে ভিডিঅ’টো ভাৰতত প্রস্তুত কৰা হৈছে৷ কিন্তু এইটো আমাৰ দেশৰ কথা৷ দেশক বদনাম কৰা উচিত নহয়৷ সেয়ে মই এটা ভিডিঅ’ বনালোঁ আৰু ক’লোঁ যে সকলো ঠিকেই আছে আৰু দলটোৰ লগত কোনো অন্যায় কৰা হোৱা নাই৷ কিন্তু বাস্তৱত সেয়া সঁচা নাছিল৷ সেই বাতৰি বা ভিডিঅ’ত ওলোৱা সকলো কথাই সঁচা আছিল৷’

সূত্র অনুসৰি, কেনবেৰাত খেলুৱৈ আৰু বিষয়াসকলৰ বাবে এখন চাৰি তাৰকাযুক্ত হোটেল বুকিং কৰা হৈছিল৷ পাকিস্তান হকী এছ’চিয়েচনে সকলো ধন ঘূৰাই দিব বুলি জনোৱা হৈছিল৷ কিন্তু খেলুৱৈসকলে গম পালে যে সেই হোটেলখনত তেওঁলোকৰ বাবে কোনো কোঠা বুকিং কৰা হোৱা নাছিল৷ আনকি হকী দলৰ প্রশিক্ষকেও বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল৷ অৱশেষত স্থানীয় পাকিস্তানী বাসিন্দাসকলে খেলুৱৈ আৰু বিষয়াসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল৷ পিছত অৱশ্যে হোটেলৰ ব্যৱস্থা কৰা হ’ল৷ কিন্তু সেইটোৱেও সমস্যাটো সমাধান কৰিব নোৱাৰিলে৷ সেই সময়ত হোটেলখনত কোনো ঠাই নাছিল৷ দুই–তিনিজন খেলুৱৈয়ে এটা কোঠাত থাকিব লগা হৈছিল৷ আৰু তাৰ পৰা পিছদিনা পোনে পোনে খেলপথাৰলৈ যাব লগা হ’ল৷

You might also like