নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিৰোধীৰ বিশ্বাসহীন ৰাজনীতি

আগন্তুক ৰঙালী বিহুৰ পূর্বে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নির্বাচন৷ অহা ১৫ মার্চৰ পিছতে ৰাজ্যৰ ষষ্ঠাদশ বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে৷ নির্বাচনৰ সময় যিমানেই চমু চাপি আহিছে সিমানেই শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি হৈছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ৰাজপাতত বহিবলৈ বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ দলসমূহে ব্যাপক কচৰৎ চলাই আছে৷

বিগত ১০ বছৰত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা বিজেপিলৈ অন্যান্য বিৰোধী দলৰ বহুসংখ্যক নেতাৰ আগমন ঘটিছে৷ শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি ভূপেন বৰা আৰু কংগ্রেছৰ মিডিয়া শাখাৰ মুৰব্বী ড০ সঞ্জু বৰুৱাই ২২ ফেব্রুৱাৰীত বিজেপিত যোগদান কৰিছে৷ ইয়াৰ পূর্বে কংগ্রেছ দলৰ ৰাজ্যিক মিডিয়াৰ অধ্যক্ষ প্রফুল্ল কুমাৰ দাসেও বিজেপিত যোগদান কৰিছে৷

নির্বাচনৰ পূর্বে ৰাজনৈতিক নেতাৰ দল বাগৰাৰ অধ্যায় নতুন কথা নহয়৷ বিশেষকৈ নির্বাচনত প্রার্থিত্ব লাভ নকৰা একাংশ নেতাই অন্য দলত যোগদান কৰাটো সাধাৰণ কথা৷ কিন্তু প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ আৰু বিজেপিত যোগদানে নিশ্চিতভাৱে শতিকা পুৰণি দলটোক বিস্তৰ ক্ষতি কৰিব৷ ছাত্র ৰাজনীতিৰ পৰা কংগ্রেছত যোগদান কৰা ভূপেন বৰাই বিহপুৰীয়া সমষ্টিৰ পৰা দুটা কার্যকাল বিধায়কৰূপে নির্বাচিত হৈছিল৷

প্রদেশ কংগ্রেছৰ সভাপতিৰ আসনত থকাৰ সময়ত দলটোক সবল নেতৃত্ব প্রদান কৰাৰ উপৰি দলীয় নেতা–কর্মীৰ মাজত সাংগঠনিক ভেটি শক্তিশালী কৰাত অগ্রণী ভূমিকা লৈছিল৷ কিন্তু কংগ্রেছৰ লবীকেন্দ্রিক ৰাজনীতিৰ বাবেই প্রদেশ কংগ্রেছৰ সভাপতিৰ আসনখনৰ পৰা ক্ষমতাচ্যুত হৈছিল ভূপেন বৰা৷ কিন্তু এনে অপমানৰ পিছতো ভূপেন বৰাই কংগ্রেছ দলৰ এগৰাকী নিষ্ঠাৱান নেতাৰূপে কাম কৰি গৈছিল৷

আনকি শেহতীয়াকৈ দলীয় নেতৃত্বৰ স’তে নির্বাচনী প্রচাৰ অভিযানতো তেওঁ জড়িত থকা দেখা গৈছিল৷ ভূপেন বৰাই আকস্মিকভাৱে দলত্যাগ কৰা ঘটনাক লৈ ৰাজ্যজুৰি তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ পদত্যাগ পত্র প্রত্যাহাৰ কৰিবলৈ ভূপেন বৰাৰ গুৱাহাটীৰ বাসভৱনলৈ কংগ্রেছী নেতাৰ সোঁত বৈছিল৷ আনকি প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ, অসমৰ সাংগঠনিক দায়িত্বত থকা নিখিল ভাৰত কংগ্রেছ কমিটীৰ জিতেন্দ্র সিঙকে ধৰি সাংসদ–বিধায়কসক পদত্যাগ পত্র প্রত্যাহাৰ কৰিবলৈ ভূপেন বৰাক হেঁচা দিছিল৷

কিন্তু দলীয় নেতৃত্বৰ হেঁচা আওকাণ কৰি ভূপেন বৰাই বিজেপিত যোগদান কৰিলে৷ এতিয়া ভূপেন বৰাৰ বিজেপিত যোগদানে ৰাজনৈতিকভাৱে একো ক্ষতি নকৰে বুলি কংগ্রেছৰ শীর্ষ নেতৃত্বই যিমানেই দাবী নকৰক কিয়, ইয়াৰ ক্ষতি শতিকা পুৰণি দলটোৱে ভুঞ্জিব লাগিব৷

এজন এজনকৈ নিষ্ঠাৱান নেতাসকলে দলত্যাগ কৰাৰ ফলত কংগ্রেছ দলটো তীব্র দুর্যোগৰ সন্মুখীন হৈছে৷ দেশৰ স্বাধীনতা সংগ্রামৰ পিছত দীর্ঘকাল ক্ষমতাত থকা কংগ্রেছ দলৰ অধিকাংশ নেতাৰে বিৰোধী দলত নিষ্ঠাৰে থকাৰ মানসিকতা নাই৷ অসমত চৰকাৰ পৰিৱর্তনৰ ধাৰা অব্যাহত থাকিলেও ১০ বছৰ কাল বিৰোধী পক্ষত থকাৰ নজিৰ কংগ্রেছৰ নাই৷

কিন্তু কংগ্রেছৰ সাংগঠনিক ভেটি আৰু সর্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হোৱা আস্থাহীনতাৰ পৰা এই কথা স্পষ্ট যে কংগ্রেছে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ এতিয়াও বহুত বাকী আছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত কংগ্রেছৰ জনসমর্থন দ্রুত হাৰত হ্রাস পাইছে৷ কংগ্রেছৰ দীর্ঘকালৰ ভোটবেংক ৰূপে পৰিচিত আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ভোটদাতাসকল বিজেপিমুখী হৈছে৷

এতিয়া মিঞা ভোটদাতাসকলে কংগ্রেছক আস্থা আৰু বিশ্বাসত লৈছে৷ মিঞা ভোটদাতাৰ একক সমর্থন লাভ কৰিলেও কোনো কাৰণতে কংগ্রেছে ক্ষমতা দখলৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে৷ কংগ্রেছ দলে ৰাজ্যখনত বিজেপিবিৰোধী দলসমূহৰ স’তে মিত্রতা কৰিবলৈ আগ্রহ ব্যক্ত কৰিছে যদিও মিত্রতাৰ ধর্ম পালন কৰিবলৈ ত্যাগৰ মনোভাব গ্রহণ কৰা নাই৷

আগন্তুক বিধানসভা নির্বাচনত নির্বাচনী মিত্রতা কৰিবলৈ ৰাইজৰ দলৰ শীর্ষ নেতৃত্বই কাকূতি–মিনতি কৰি আছে যদিও এইক্ষেত্রত দলটোক গুৰুত্ব দিয়া নাই কংগ্রেছে৷ যোৱা বিধানসভা নির্বাচনত বিজেপি আৰু এনডিএৰ অংশীদাৰ দলসমূহে চমকপ্রদ সাফল্য লাভ কৰাৰ বিপৰীতে কংগ্রেছে লাভ কৰিছিল মাথোঁ ২৯খন আসন৷ নির্বাচনত পৰাজিত হোৱাৰ পিছতে বিধায়ক ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বুঢ়াগোহাঁয়ে দলত্যাগ কৰি উপ–নির্বাচনৰ জৰিয়তে বিজেপিৰ বিধায়ক হৈছে৷

চামগুৰি সমষ্টিৰ উপ–নির্বাচনত কংগ্রেছ সাংসদ ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইনক পৰাজিত কৰি বিজেপিৰ দিপ্লু ৰঞ্জন শর্মা জয়ী হৈছে৷ কংগ্রেছৰ বিধায়ক বসন্ত দাস, শশীকান্ত দাস, কমলাক্ষ –দে’ পুৰকায়স্থ, ছিদ্দিক আহমেদ, আব্দুল ৰশ্বিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদক দলটোৱে নিলম্বন কৰি ৰাখিছে৷

ইয়াৰে আব্দুল ৰশ্বিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদে শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰিছে৷ এনে অৱস্থাত আগন্তুক বিধানসভা নির্বাচনত নিশ্চিতভাৱে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব কংগ্রেছ দলটো৷ কিয়নো কংগ্রেছ দল ত্যাগ কৰি ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰা শ্বেৰমান আলী আহমেদ আৰু আব্দুল ৰশ্বিদ মণ্ডলে প্রার্থিত্ব লাভ কৰিবলৈ হ’লে মিঞা অধ্যুষিত দুটা সমষ্টি কংগ্রেছে ত্যাগ কৰিব লাগিব৷

এনে ত্যাগ কৰিবলৈ কংগ্রেছৰ নেতৃত্ব সাজু নহয়৷ ফলত আসনৰ ভাগ–বাটোৱাৰাক কেন্দ্র কৰি কংগ্রেছৰ সৈতে ৰাইজৰ দলৰ মাজত তীব্র মতানৈক্য হৈছে৷ আসন বুজাবুজিৰ ক্ষেত্রত উমৈহতীয়া সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত যিমানেই বিলম্ব হ’ব, সিমানেই ৰাজনৈতিকভাৱে ক্ষতিগ্রস্ত হ’ব বিৰোধী শিবিৰ৷

You might also like