নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত শক্তিশালী প্রত্যাৱর্তনৰ প্রতিশ্রুতি অধিনায়ক সূর্যকুমাৰ যাদৱৰ

নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : চলিত টি–২০ বিশ্বকাপত ঘৰুৱা দল টীম ইণ্ডিয়াই প্রথমটো পৰাজয়ৰ মুখ দেখিছে৷ ছুপাৰ এইটৰ প্রথমখন মেচতে দক্ষিণ আফ্রিকাৰ হাতত ৭৬ ৰানত পৰাজয়বৰণ কৰিছে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ এই পৰাজয়ৰ পিছত ভাৰতৰ ছেমিফাইনেলত প্রৱেশৰ পথ বহুত কঠিন হৈ পৰিছে৷ অৱশ্যে খেলৰ অন্তত অধিনায়ক সূর্যকুমাৰ যাদৱে ডাঙৰ মন্তব্য কৰে৷ গুৰুত্বপূর্ণ মেচত দলৰ পৰাজয় আৰু আগন্তুক মেচসমূহত দলটোৱে কি পৰিকল্পনা গ্রহণ কৰিব, সেই বিষয়ে সূর্যকুমাৰ যাদৱে প্রকাশ কৰে৷

অধিনায়কগৰাকীয়ে কয় যে আমি আৰম্ভণিতে মেচখনত আছিলোঁ, আমি বহুত ভাল বলিং কৰিছিলোঁ৷ কিন্তু দক্ষিণ আফ্রিকাই ৭–১৫ অভাৰলৈ অতি ভাল বেটিং কৰিছিল আৰু তাৰ পিছতো আমি প্রত্যাৱর্তন কৰিছিলোঁ৷ বেটিং সন্দর্ভত সূর্যকুমাৰে কয় যে দক্ষিণ আফ্রিকাৰ বলিং ভাল আছিল যদিও আমি বেটিং ভাল কৰিব পাৰিলোঁহেঁতেন৷ আমাক যিধৰণৰ পার্টনাৰশ্বিপৰ প্রয়োজন আছিল, সেয়া কৰিব পৰা নাছিলোঁ৷

তেওঁ লগতে কয় যে ভাৰতীয় দলটোৱে পৰৱর্তী মেচত পুনৰ উভতি আহিব৷ আশা কৰোঁ, আমি ভাল বেটিং-বলিঙৰ লগতে পৰৱর্তী মেচত ভাল ফিল্ডিং কৰিম৷ আমি সকলো সহজ কৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু মেচত জয়ী হ’ম৷ মোৰ বিশ্বাস আমি শক্তিশালী হৈ উভতি আহিম৷

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দক্ষিণ আফ্রিকাই বান্ধি দিয়া ১৮৮ ৰানৰ লক্ষ্যৰ প্রত্যুত্তৰত টীম ইণ্ডিয়াই মাত্র ১১১ ৰানহে কৰিবলৈ সক্ষম হয়৷ ১৮.৫ অভাৰত আটাইকেইটা উহকেটৰ পতন হয় টীম ইণ্ডিয়াৰ ৷ ভাৰতীয় দলৰ হৈ শিৱম ডুবেই সর্বাধিক ৪২ ৰান কৰে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে এই পৰাজয়ে ভাৰতৰ ছেমিফাইনেলত প্রৱেশৰ আশাত ডাঙৰ বাধাৰ প্রাচীৰ হ’ব৷ ছেমিত স্থান নিশ্চিত কৰিবলৈ ভাৰতীয় দলটোৱে এতিয়া জিম্বাব’ৱে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাকী দুখন ছুপাৰ–৮ৰ মেচত বৃহৎ ব্যৱধানত জয়ী হ’ব লাগিব৷

You might also like