নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিন্নাকান্দি সমষ্টি AJP-ক এৰি দিয়াৰ খবৰত কংগ্ৰেছত অসন্তোষ

দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ স্ক্ৰীনিং সমিতিৰ বৈঠকৰ অন্তত বিন্নাকান্দি সমষ্টিটো অসম জাতীয় পৰিষদ (অজাপ)ক এৰি দিয়াৰ খবৰ প্ৰকাশ পোৱাত অঞ্চলটোত ৰাজনৈতিক তোলপাৰ সৃষ্টি হৈছে।

এই খবৰ ওলোৱাৰ লগে লগে বিন্নাকান্দি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিষয়টো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটিয়ে দলৰ সিদ্ধান্তত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ব্লক কংগ্ৰেছৰ নেতৃবৃন্দই অভিযোগ কৰি কয় যে, কোনো সুদৃঢ় সাংগঠনিক ভেটি নথকা অজাপক এই সমষ্টিটো এৰি দিয়াটো যুক্তিসংগত নহয়। তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে যে স্থানীয় কৰ্মীসকলৰ মতামত নোলোৱাকৈ কেনেদৰে এনে সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।

উল্লেখ্য যে পূৰ্বে মিত্ৰতাৰ দোহাই দি যমুনামুখ সমষ্টিটো এ আই ইউ ডি এফক এৰি দিয়া হৈছিল। এইবাৰো মিত্ৰতাৰ নামত পুনৰ অজাপক সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে ব্লক কংগ্ৰেছৰ নেতৃবৃন্দই। লগতে বিষয়টো পুনৰ বিবেচনা কৰিবলৈ দলীয় শীৰ্ষ নেতৃত্বক আহ্বান জনায়।

আনহাতে, প্ৰাক্তন নীলবাগান জিলা পৰিষদৰ এগৰাকী সদস্যই কংগ্ৰেছ দলক ‘গাড্ডাৰৰ দল’ বুলি কটাক্ষ কৰি কয় যে কংগ্ৰেছে কৰ্মীসকলক কেৱল ব্যৱহাৰ কৰে। সেয়েহে তেওঁ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিছিল বুলিও মন্তব্য কৰে।

ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী

You might also like