কেন্দ্ৰীয় মন্ত্ৰীসভাই মঙলবাৰে (২৪ ফেব্ৰুৱাৰী ২০২৬) কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনায়, “ভাষাৰ ভিত্তিত ৰাজ্য গঠন হোৱাৰ পৰাই এই দাবী উঠি আহিছিল যে কেৰালাৰ নাম ‘কেৰালাম’ হোৱা উচিত। এই দাবীত কেবিনেটে অনুমোদন দিছে।” এই পদক্ষেপ ৰাজ্যত এই বছৰত অনুষ্ঠিত হ’বলগীয়া কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা হৈছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেৰালাৰ নাম সলনি কৰাৰ বিধেয়ক এতিয়া ৰাজ্য বিধানসভালৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব। তেওঁ লগতে উল্লেখ কৰে যে নতুন প্ৰধানমন্ত্ৰী কাৰ্যালয় (PMO) ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত ১৪০ কোটি লোকৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তাৱ গৃহীত কৰা হয়।
নতুন প্ৰধানমন্ত্ৰী কাৰ্যালয় ভৱন ‘সেৱা তীৰ্থ’ত অনুষ্ঠিত এই ইউনিয়ন কেবিনেটৰ ই আছিল প্ৰথম বৈঠক। কেৰালা বিধানসভাই ২৪ জুন, ২০২৪ তাৰিখে সর্বসম্মতিভাৱে এটা প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰ চৰকাৰক ৰাজ্যৰ নাম চৰকাৰীভাৱে ‘কেৰালাম’ কৰিবলৈ অনুৰোধ জনাইছিল। গৃহ মন্ত্ৰালয়ে পূৰ্বৰ প্ৰস্তাৱ পৰ্যালোচনা কৰি কিছুমান কাৰিকৰী সংশোধনৰ পৰামৰ্শ দিয়াৰ পাছত বিধানসভাই পুনৰ দ্বিতীয়বাৰৰ বাবে প্ৰস্তাৱ গৃহীত কৰিছিল।
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কেন্দ্ৰ চৰকাৰক সংবিধানৰ অষ্টম তফছিলত অন্তৰ্ভুক্ত সকলো ভাষাত দক্ষিণৰ এই ৰাজ্যখনৰ নাম ‘কেৰালা’ৰ পৰা ‘কেৰালাম’ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পূৰ্বে ২০২৩ চনৰ আগষ্ট মাহতো কেৰালা বিধানসভাই একেধৰণৰ প্ৰস্তাৱ সর্বসম্মতিভাৱে গৃহীত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল যদিও গৃহ মন্ত্ৰালয়ে কাৰিকৰী সংশোধনৰ পৰামৰ্শ আগবঢ়াইছিল।
ইয়াৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ কেৰালা ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চিঠি লিখি ৰাজ্যখনৰ চৰকাৰী নাম ‘কেৰালা’ৰ পৰা ‘কেৰালাম’ কৰিবলৈ দাবী জনাইছিল। তেওঁৰ মতে, ‘কেৰালাম’ নামটো মালয়ালম ভাষা আৰু ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত।
ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী