নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত তীব্ৰ উত্তেজনাৰ মাজতে জালালাবাদত পাকিস্তানী যুঁজাৰু বিমান ভূপতিত

ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী : পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তত তীব্ৰ উত্তেজনাৰ মাজতে শনিবাৰে জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান আফগান বাহিনীয়ে ভূপতিত কৰা বুলি দাবী কৰে। তদুপৰি যুদ্ধ বিমানখনৰ পাইলটক জীৱিত অৱস্থাত বন্দী কৰা হয় বুলিও আফগান বাহিনীয়ে দাবী কৰে।

বাতৰি অনুসৰি, জালালাবাদৰ এখন জিলাত শনিবাৰে পাকিস্তানী যুদ্ধ বিমান ভূপতিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পাইলটজনে বিমানখনৰ পৰা পেৰাছুটেৰে অৱতৰণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আটক কৰা হয় ।

জালালাবাদ আৰক্ষীয়ে এখন পাকিস্তানী যুঁজাৰু বিমান জালালাবাদত ভূপতিত কৰাৰ লগতে পাইলটক জীৱিত অৱস্থাত আটক কৰা বুলি নিশ্চিত কৰিছে ।

You might also like