যুদ্ধৰ ক’লীয়া ডাৱৰ কেতিয়ালৈ ? মুখ খুলিলে আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে
ডিজিটেল ডেস্ক, ৭ মার্চ : সপ্তম দিনাও যুদ্ধৰ ক’লীয়া ডাৱৰে ছানি আছে সমগ্র মধ্যপ্রাচ্য৷ আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰানৰ ওপৰত চলোৱা আক্রমণৰ পিছৰে পৰা উত্তপ্ত হৈ পৰিছে সমগ্র মধ্যপ্রাচ্য৷ পশ্চিম এছিয়াৰ দেশখনত যুটীয়া বাহিনীয়ে চলোৱা আক্রমণৰ প্রত্যুত্তৰ দিছে ইৰানে৷ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে চলোৱা এই প্রত্যাক্রমণৰ প্রভাৱ পৰিছে মধ্যপ্রাচ্যৰ কেইবাখনো দেশত৷ কেৱল যুদ্ধৰ পোনপটীয়া প্রভাৱেই নহয়, আওপকীয়াকৈও অর্থনৈতিক, কূটনৈতিক বিভিন্ন ক্ষেত্রত প্রভাৱিত হৈছে অঞ্চলটো৷ তাকে লৈ উদ্বিগ্ণ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ৷
স্বাভাৱিকতেই প্রশ্ণ উঠিছে– এই যুদ্ধ আৰু কিমান দিনলৈ? যুদ্ধৰ প্রক্রিয়া যিমানেই দীঘলীয়া হ’ব, সিমানেই অস্থিৰতাও বৃদ্ধি পাব৷ ইৰানে প্রাথমিকভাৱে মধ্যপ্রাচ্যত সিঁচৰতি হৈ থকা মার্কিন ঘাটিসমূহক লক্ষ্য কৰি প্রত্যাক্রমণ চলাইছে৷ এই ভয়ংকৰ পৰিস্থিতি কিমান দিনলৈ চলিব পাৰে তাকে লৈ এইবাৰ মুখ খুলিছে স্বয়ং মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷
মার্কিন সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত ট্রাম্পে কয়- ‘আমাৰ ওচৰত এই যুদ্ধৰ কোনো সময়সীমা নাই৷ আমি কেৱল আমাৰ কার্য সিদ্ধি কৰিবলৈ বিচাৰিছোঁ৷ আমি নিবিচাৰোঁ যে ইৰানৰ ওচৰত পাৰমাণৱিক অস্ত্র থাকক৷ ইয়াৰ বাবে যিমান দূৰলৈ যাবলগীয়া হয়, আমি সিমান দূৰলৈ যাম৷ লগতে ইৰানৰ অস্ত্র ভাণ্ডাৰত লাগিলে বেলিষ্টিক মিছাইলেই থাকক, তালৈ আমি লক্ষ্য নকৰোঁ৷’
ইয়াৰ পূর্বে ট্রাম্পে জনাইছিল যে ইৰান যুদ্ধ ৫ৰ পৰা ৬ সপ্তাহ ধৰি চলিব পাৰে৷ কিন্তু মার্কিন ৰাষ্ট্রপতিগৰাকীৰ শেহতীয়া মন্তব্যৰ পৰা এই আশংকা কৰা হৈছে যে যুদ্ধৰ মেঘ আৰু ঘন হ’ব৷ ট্রাম্পৰ ভাষাত ‘যুদ্ধত বিধ্বস্ত হৈ পৰা ইৰানে আমেৰিকাৰ সৈতে এতিয়া আলোচনাৰ টেবুলত বহিবলৈ বিচাৰিছে৷ কিন্তু সেয়া বহু পলম হৈ গৈছে৷’
ইফালে, প্রতিৱেশী ৰাষ্ট্র ইৰাক, কুৱেইট, ছৌদি আৰব, আৰব আমীৰশ্বাহী, বাহৰেইন, ওমান, জর্দানত নির্বিচাৰে আক্রমণ চলাইছে ইৰানে৷ বিশেষজ্ঞসকলৰ মতে, ক্রমশঃ বন্ধু ৰাষ্ট্রসমূহকো শত্রুত পৰিণত কৰিছে তেহৰানে৷ ইতিমধ্যে ছৌদি আৰবে প্রত্যাক্রমণৰ হুমকি দিছে৷ আনহাতে, ইৰানত একেৰাহে আক্রমণ চলাই আছে ইজৰাইল আৰু আমেৰিকায়ো৷ এই যুদ্ধত কেৱল ইৰানতেই প্রাণ হেৰুৱাইছে সহস্রাধিক লোকে৷