নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বিলাতী সুৰাৰ হোম ডেলিভাৰী

পল্টন বজাৰ থানাত গোচৰ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ লকডাউনৰ সময়ত গুৱাহাটীত বিলাতী সুৰাৰ হোম ডেলিভাৰীৰ এটা বিজ্ঞাপন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফেচবুক আৰু হোৱাটছএপত এইচ ডি ৱাইন শ্বপৰ ফটোসহ ৯৬৮৪৮-২২৩৮১ আৰু ৯৩৬৫৭-৫৮৭৫৯ নম্বৰ দুটা ভাইৰেল হোৱাৰ পাছতে আবকাৰী বিভাগৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। লকডাউনৰ বাবে ৱাইন শ্বপসমূহ বন্ধ হৈ থকাত সুৰাপায়ীসকলেও নম্বৰ দুটাত হোম ডেলিভাৰী লবলৈ যোগাযোগ কৰে। কিন্তু নম্বৰ দুটা ৰহস্যজনকভাৱে ব্যস্ত দেখায়। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও বিষয়টো তদন্ত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে এইচ ডি ৱাইন শ্বপৰ মেনেজাৰ সন্তোষ শ্ৰীবাস্তৱে পল্টন বজাৰ থানাত  এইচ ডি ৱাইন শ্বপৰ ফেচবুক একাউণ্ট হেক কৰা বুলি এটা গোচৰ ৰুজু কৰে।

You might also like