নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙিত বন্যহস্তীৰ আক্ৰমণত এজনৰ প্ৰাণহানি

মৰঙি ৰাজহ চক্ৰৰ অধীনৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ২নং বুঢ়াগোহাঁইখাটত কালি নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোকজনৰ নাম ৰাজীৱ গোৱালা (৪৫) বুলি চিনাক্ত কৰে পৰিয়াল তথা স্থানীয় লোকে। নিশা বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাতে গাঁৱৰ মূল পথৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে বন্যহস্তীয়ে। ফলত লোকজনৰ থিতাতে মৃত্যু হয়।

ইতিমধ্যে ঘটনাস্থলীত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল আৰু নুমলীগড় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমানো এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে৷

নিয়মীয়া বাৰ্তা, মৰঙি, ১২ মাৰ্চ :
You might also like