লখিমপুৰত টিকটক লৈ বিদ্ৰোহ আৰম্ভ হল কংগ্রেছ দলত। আজি জিলা কংগ্রেছ কাৰ্য্যালয়ত একাংশ কংগ্রেছ কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। হাতে হাতে কংগ্রেছৰ পতাকা লৈ অৰ্ধ শতাধিক কংগ্রেছ কৰ্মীয়ে প্ৰতিবাদী শ্লোগান দি উত্তাল কৰি তোলে জিলা কংগ্রেছৰ কাৰ্য্যালয়। এই লৈ একাংশ কংগ্রেছৰ নেতৃত্বৰ সৈতে বাক বিতণ্ডাতো লিপ্ত হয় প্ৰতিবাদী কংগ্রেছ কৰ্মী সকল।
এই পৰিস্থিতিৰ মূলতে আছিল লখিমপুৰৰ ৰঙা নদী সমষ্টিত ন কংগ্রেছী জয়ন্ত খাউণ্ডৰ টিকটৰ প্ৰসংগ। সমষ্টিটোত জয়ন্ত খাউণ্ডক দলীয় টিকট দিব নালাগে বুলি একাংশ কৰ্মীয়ে প্ৰতিবাদ জনায়। আজি বিয়লি তিনিমান বজাত ৰঙা নদী সমষ্টিৰ একাংশ কংগ্রেছ কৰ্মীয়ে জিলা কংগ্রেছৰ কাৰ্য্যালয় লৈ আহি হাতে হাতে দলীয় পতাকা লৈ গৌৰৱ গগৈ, প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী জিন্দাবাদ শ্লোগান দিয়ে যদিও জয়ন্ত খাউণ্ড গ বেক ধ্বনি দিয়ে।
এই লৈ কাৰ্য্যালয়টোত সেই সময়ত উপস্থিত থকা কংগ্রেছৰ দুজনমান নেতৃত্বৰ সৈতে প্ৰতিবাদী কংগ্রেছ কৰ্মী সকলৰ বাক বিতণ্ডা হয়। উল্লেখ্য প্ৰতিবাদী কংগ্রেছ কৰ্মী সকলে কয়- ৰঙানদী সমষ্টিত কংগ্রেছৰ ৮জন প্ৰাৰ্থিত্বপ্ৰত্যাশী আছে। তেওঁলোকৰ ভিতৰত দলে যাকেই টিকট নিদিয়ক তেওঁকেই আমি সমৰ্থন কৰিম।
কিন্তু ৯ তাৰিখে কংগ্রেছত যোগদান কৰা জয়ন্ত খাউণ্ডক টিকট দিলে আমি মানি নলওঁ। দীর্ঘদিন ধৰি দলত কাম কৰি থকা আৰু দলীয় প্ৰাৰ্থিত্ব দাবী কৰা কেইজনৰ ভিতৰত দলে টিকট দিয়ক। জয়ন্ত খাউণ্ডক নহয়। তেওঁক টিকট দিলে আমি নামানো। আজি আমি এই বাৰ্তা দিবলৈ আহিছো।
এনেদৰে কিছু সময় প্ৰতিবাদত উত্তপ্ত হৈ ৰয় জিলা কংগ্রেছৰ কাৰ্য্যালয়টো। পাছত কংগ্রেছৰ নেতৃত্বৰ বুজনিত প্ৰতিবাদকাৰী কংগ্রেছৰ কৰ্মী সকল শান্ত হৈ উলটি যায় যদিও জয়ন্ত খাউণ্ডক ৰঙানদী সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী ৰূপে মানি লোৱা নহব বুলি স্পষ্ট কৰি দি যায়।
লক্ষ্যণীয় লখিমপুৰৰ সমষ্টিকেইটাৰ বাবে কংগ্রেছ দলে দলীয় প্রার্থীৰ নাম নৌ ঘোষণা কৰোতেই এনেদৰে দলীয় কৰ্মীৰ বিদ্ৰোহ আৰম্ভ হয়। দলীয় নেতৃত্বই তৃণমূল পর্যায়ৰ এই সকল কৰ্মীৰ কথা গুৰুত্ব নিদি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে নিৰ্বাচনত দলীয় কৰ্মীৰ ৰোষত পৰি দলটোৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।
আনহাতে অগপৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দলত্যাগ কৰি কংগ্রেছত যোগদান কৰা জয়ন্ত খাউণ্ডৰ ৰাজনৈতিক পথ যে এতিয়া মসৃণ হৈ থকা নাই সেই কথা আজিৰ ঘটনাই স্পষ্ট কৰি তুলিছে। তৃণমূল কৰ্মীৰ জনমতক আওকাণ কৰি কংগ্রেছে জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব দিলে বিৰোধী দলৰ প্ৰত্যাহ্বান মোকাবিলা কৰাতকৈ কংগ্রেছে যে দলীয় বিদ্ৰোহ নিয়ন্ত্রণ কৰাত হামখুৰি খাব লাগিব আজিৰ ঘটনা ৰাজিয়ে সেই ইংগিতকে প্ৰকাশ কৰিছে।
বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ মাৰ্চ