ৰাজ্যত অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী আচৰণবিধি বলৱত কৰিছে নির্বাচন আয়োগে৷ নির্বাচনী আচৰণবিধি কঠোৰভাৱে বলৱৎ কৰাৰ ওপৰতো নির্দেশনা প্রদান কৰিছে ৰাজ্যিক নির্বাচনী বিষয়াই৷
ভাৰতৰ নির্বাচন আয়োগৰ নির্দেশনাৰ ভিত্তিত ৰাজনৈতিক দল তথা প্রার্থীসমূহৰ বাবে ঘোষণা কৰা এই আচৰণবিধি অনুসৰি কোৱা হৈছে যে ৰাজনৈতিক দল তথা প্রার্থীসকলে চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ওপৰত কোনো ধ্বংসাত্মক কার্য বা বিকৃতকৰণ কৰিব নোৱাৰিব৷
কোনো ৰাজনৈতিক দল, প্রার্থী বা নির্বাচনৰ সৈতে জড়িত অন্য ব্যক্তিয়ে চৰকাৰী বাহন বা চৰকাৰী আৱাসগৃহৰ অপব্যৱহাৰ বাৰণ কৰা হৈছে৷ চৰকাৰী ধনৰ ব্যয়ৰে বিজ্ঞাপন প্রকাশৰ ওপৰতো নির্দেশনা আৰোপ কৰা হৈছে৷ আচৰণবিধি অনুসৰি নাগৰিকৰ গোপনীয়তাক সন্মান জনাবলৈ কোৱা হৈছে৷
ব্যক্তিগত বাসগৃহৰ সন্মুখত কোনোধৰণৰ প্রতিবাদ বা পিকেটিং কৰাৰ ওপৰতো নিষিদ্ধ কৰা হৈছে৷ গৰাকীৰ সন্মতি অবিহনে কোনো ভূমি, ভৱন বা বাসগৃহ বা দেৱালত ৰাজনৈতিক দল তথা প্রার্থীয়ে ফ্লেগ, বেনাৰ বা প’ষ্টাৰ লগাব নোৱাৰিব৷ নির্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগ নিৰীক্ষণ কৰাৰ বাবে এক নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হৈছে৷
১৯৫০ কল চেণ্টাৰ নম্বৰত ফোন কৰি অভিযোগকাৰীয়ে নির্বাচনী আচৰণবিধি ভংগৰ অভিযোগ দাখিল কৰিব পাৰিব৷ এই নম্বৰৰ জৰিয়তে যিকোনো নাগৰিক বা ৰাজনৈতিক দলে সংশ্লিষ্ট জিলা নির্বাচনী বিষয়া বা ৰিটার্ণিং বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব৷ নাগৰিক আৰু ৰাজনৈতিক দলসমূহে ইচিআই নেটৰ চি–ভিজিল এপৰ জৰিয়তে আদর্শ আচৰণ বিধি ভংগৰ অভিযোগ দাখিল কৰিব পাৰিব৷ অভিযোগসমূহৰ ওপৰত ১০০ মিনিটৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্বাচন হ’বলগা অসমকে ধৰি সমগ্র ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত ৫১৭৩টাতকৈও অধিক ফ্লায়িং স্কোৱাড মোতায়েন কৰা হৈছে৷
ইয়াৰ উপৰি ৫২০০টাতকৈও অধিক ষ্টেটিক ছার্ভিলেন্স টীম মোতায়েন কৰা হৈছে৷ নির্বাচনী বিধিৰ ক্ষেত্রত ৰাজনৈতিক দল বা প্রার্থীসকলে সভা আৰু শোভাযাত্রাৰ বাবে যান–বাহন আৰু সুৰক্ষা ব্যৱস্থা কৰিবলৈ, নিষেধাজ্ঞা মানি চলিবলৈ আৰু লাউড স্পীকাৰ বা অন্যান্য সুবিধাৰ বাবে প্রয়োজনীয় অনুমতি ল’বলৈ আৰক্ষী কর্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব৷ মন্ত্রীসকলে তেওঁলোকৰ চৰকাৰী কর্তব্যৰ সৈতে নির্বাচনী প্রচাৰ একত্রিত কৰিব নোৱাৰিব বা প্রচাৰৰ কামত প্রশাসন যন্ত্র, যান–বাহন, কর্মচাৰী ব্যৱহাৰ কৰিব নোৱাৰিব৷
নির্বাচন আয়োগে সকলো স্তৰৰ বিষয়াক আদর্শ আচৰণ বিধি বলৱৎ কৰাৰ ক্ষেত্রত নিৰপেক্ষভাৱে কাম কৰিবলৈ নির্দেশ দিছে যাতে সকলো দলৰ প্রতি সমান ব্যৱহাৰ নিশ্চিত হয় আৰু চৰকাৰী সা–সুবিধাৰ অপব্যৱহাৰ ৰোধ হয়৷ তেওঁলোকে সভা–শোভাযাত্রা আৰু ভোটদানৰ ব্যৱস্থা নিকাভাৱে পৰিচালনা কৰিব লাগিব৷
আইন–শৃংখলা ৰক্ষা কৰিব লাগিব আৰু নির্বাচনী প্রক্রিয়াৰ বিশ্বাসযোগ্যতা বর্তাই ৰাখিব লাগিব৷ ৰাজনৈতিক দলসমূহে ৰাজহুৱা স্থান যেনে– খেলপথাৰ আৰু হেলিপেড ব্যৱহাৰৰ বাবে ইচিআই নেটত সুবিধা মডিউল সক্রিয় কৰা হৈছে৷ এই সুবিধা মডিউলত খেলপথাৰ আৰু হেলিপেড ব্যৱহাৰৰ বাবে যিসকলে পোনতে আবেদন কৰে, সেইসকল ব্যক্তিক প্রথমে দিয়া নীতিৰ ভিত্তিত আবণ্টন কৰা হ’ব৷
অসম বিধানসভাৰ সাধাৰণ নির্বাচনৰ বাবে বিশেষ পর্যবেক্ষক নিয়োগ
ভাৰতৰ নির্বাচন আয়োগে অসম বিধানসভাৰ সাধাৰণ নির্বাচনৰ বাবে এজন বিশেষ পর্যবেক্ষক নিয়োগ কৰিছে৷ সেই অনুসৰি ৰাজস্থান কেডাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া মনজিৎ সিঙক অসমৰ বাবে বিশেষ পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ ভাৰতীয় সংবিধানৰ ৩২৪নং অনুচ্ছেদৰ অধীনত লাভ কৰা ক্ষমতাৰ আধাৰত অসমত এই বিশেষ পর্যবেক্ষক নিয়োগ কৰা হৈছে৷ বিশেষ পর্যবেক্ষকে নির্বাচনী প্রস্তুতি আৰু ৰাজ্যখনত সাধাৰণ নির্বাচনৰ পৰিচালনা পর্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিয়মীয়াকৈ অসম ভ্রমণ কৰিব আৰু প্রয়োজনত নির্বাচন আয়োগক মতামত দিব৷
আয়োগৰ প্রতিনিধি হিচাপে বিশেষ পর্যবেক্ষক নিযুক্তিয়ে অসমত মুক্ত, শান্তিপূর্ণ, নিৰপেক্ষ আৰু স্বচ্ছ পৰিৱেশত নির্বাচন অনুষ্ঠিত হোৱাত অধিক সহায় কৰিব বুলি আশা কৰা হৈছে৷
ইফালে, ভাৰতৰ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি চাৰিগৰাকীকৈ আৰক্ষী বিষয়াক বদলি কৰা হৈছে৷ নির্বাচনৰ প্রস্তুতিৰ বাবেই এই চাৰিগৰাকী আৰক্ষী বিষয়াক বদলি কৰা হৈছে৷ সেই অনুসৰি ছোমালিন শুভদর্শিনীক মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে, আৰ শীতল কুমাৰক দক্ষিণ শালমাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে, অঞ্চল চৌহানক শদিয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে, সুধাকৰ সিঙক চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে আৰু মোহন লাল মিনাক ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷
ডিজিটেল ডেস্ক, ১৬ মার্চ