নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা যুঁজৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি সকলো সাংসদৰ ৩০ শতাংশ দৰমহা কৰ্তন

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ আজি কেন্দ্ৰীয় কেবিনেটত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰা হ’ব ক’ৰোনা যুঁজৰ বাবে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে জানিবলৈ দিয়ে যে
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ খনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সকলো সাংসদৰ বেতন অহা ১ বছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলে স্বেচ্ছাই তেওঁলোকৰ দৰমহা দান কৰিছে। ইয়াৰ লগতে অহা দুবছৰলৈ    সাংসদসকলক সাংসদ নিধিৰ ধনৰাশি দিয়া নহ’ব। এই সকলো ধন লৈ যোৱা হ’ব ক’ভিড ফাণ্ডলৈ।

You might also like