নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা,৭ এপ্ৰিলঃ লিবিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মেহমুদ জেব্ৰিলৰ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ক’ৰোনা ভাইৰাছৰ দ্বাৰা ৬৭ বছৰীয়া ৰাজনীতিকগৰাকী আক্ৰান্ত হৈছিল বুলি তেওঁৰ দলৰ এক সূত্ৰই প্ৰকাশ কৰিছিল। নেতাগৰাকীৰ ঘনিষ্ঠই সংবাদ মাধ্যম বিবিচিক জনোৱা অনুসৰি ইজিপ্তত মাৰ্চ মাহৰ শেষৰফালে মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত হৈছিল জেব্ৰিল। কাইৰোৰ এখন চিকিৎসাধীন অৱস্থাতেই জেব্ৰিলে শেষ নিশ্বাস ত্যাগ কৰিছে। উল্লেখনীয় যে ২০১১চনত লিবিয়াৰ গৃহযুদ্ধৰ সময়ত নেচনেল ট্ৰেনজিচনেল কাউঞ্চিলৰ মুৰব্বীৰ দায়িত্বত আছিল জেব্ৰিল। এক বিবৃতি যোগে চৰকাৰে ঘোষণা কৰিছে যে জেব্ৰিলৰ মৃত্যু লিবিয়াৰ ৰাষ্ট্ৰীয় ক্ষতি। এগৰাকী জনপ্ৰিয় ৰাষ্ট্ৰীয় নেতা বুলি জেব্ৰিলক আখ্যা দিছে চৰকাৰে।

You might also like