নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ানগৰত ৮৬০ কেজি আলু-পিঁয়াজ জব্দ

খাদ্য-অসামৰিক যোগান পৰিক্ৰমা বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে। লকডাউনৰ সময়ছোৱাত বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পাচলিৰ দাম বৃদ্ধি কৰি একাংশ অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক মাধমাৰ শোধাইছে। জনসাধাৰণৰ সুবিধাৰ্থে প্ৰশাসনে গেলামালৰ দোকানৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পাচলিৰ বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰি সামাজিক দূৰত্ব বজাই ৰাখি নিৰ্ধাৰিত দামত পাচলি বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে পাচলিৰ লগতে অন্যান্য
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দুই-তিনি গুণলৈ বৃদ্ধি কৰাত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই খবৰ লাভ কৰি সোমবাৰে বেলতলাৰ জয়ানগৰত বিভিন্ন গেলামালৰ দোকানত মহানগৰ জিলা খাদ্য- অসমাৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে অভিযান চলায়। বিষয়া দিলীপ কুমাপ ডেকা, ভূপেন বৈশ্য আৰু বিচিত্ৰ কুমাৰ নাথৰ তত্ত্বাৱধানত চলা অভিযানক এইচ আৰ ভেৰাইটিজ, ঋত্বিকা ষ্টোৰ, বাবা ষ্টোৰ, ৰুদ্ৰাক্ষ আৰু দিদাৰ ভাণ্ডাৰৰ পৰা ৬৬০ কেজি আলু আৰু ২০০ কেজি পিঁয়াজ জব্দ কৰা হয়। উল্লেখ্য যে কেৱল বেলতলাতে নহয়, মহানগৰীৰ প্ৰান্তে প্ৰান্তে থকা অধিকাংশ গেলামালৰ ব্যৱসায়ীয়ে লকডাউনৰ সুযোগ গ্ৰহণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দুগুণল বৃদ্ধি কৰাৰ লগতে লকডাউনৰ নীতি উলংঘাৰে ব্যৱয়ায় চলাই আছে।

You might also like