নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত বিজেপিৰ নিৰ্বাচনী সভা, বিজেপি প্ৰাৰ্থীৰ হৈ সংযুক্ত বড়ো গণমঞ্চৰ প্ৰচাৰ

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়ত তুংগত উঠিছে শোণিতপুৰৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। সমষ্টিৰ চুকে-কোণে বিজেপি দলে জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । সমষ্টিটোৰ ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ অধীনৰ বটাবাৰীৰ খেলপথাৰত আজি সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউ বি পি অ’ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক নিৰ্বাচনী প্ৰচাৰ সভা ।

প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে ভাষণ প্ৰসংগত জনতাক উদ্দেশ্য কৰি কয় যে শান্তি নহ’লে প্ৰগতি নাহে । অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো জাতি-জনগোষ্ঠীয় ৰাইজৰ বাবে উন্নয়নমূলক কাম কৰিছে । খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ ভূমিপট্টাৰ লগতে অন্যান্য সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ভালেমান উন্নয়নমূলক কাৰ্যসূচী হাতত লৈছে। ৰাইজ উন্নয়নৰ লগত আছে আৰু অনাগত নিৰ্বাচনত পুনৰ বিজেপিকে ভোট প্ৰদান কৰিব। কংগ্ৰেছৰ দিনত আঁচনিৰ নামত কেৱল ভেঁকো-ভাওনাহে হ’ল । এইবোৰৰ পোটক ৰাইজে অনাগত নিৰ্বাচনত ভালকৈ দিবলৈ সাজু হৈছে ।

সভাখনত সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় সভাপতি মনোৰঞ্জন বসুমতাৰী উপস্থিত থাকি বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ প্ৰসংগত কয়- যোৱা ১৯ ফেব্ৰুৱাৰী আৰু ১৬ মাৰ্চত সংযুক্ত বড়ো গণ মঞ্চৰ ২২ দফীয়া দাবী লৈ অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত অসমৰ মুখ্যমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে উত্থাপিত সমস্যাসমূহ সংযুক্ত বড়ো গণ মঞ্চক সমাধানৰ আশ্বাস প্ৰদান কৰে বুলি জিলা সমিতিক অৱগত কৰে।

উল্লেখযোগ্য যে ইতিমধ্যে চৰকাৰে এক অধিসূচনাৰ যোগেদি বিটিচিৰ বাহিৰৰ ৯৫৮ খন বড়ো গাঁৱক বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰিছে আৰু বি টি চিৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়ৰ সমস্যা সমাধানকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে সভাত অৱগত কৰে। ইয়াৰ ফলশ্ৰুতিতে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনায়।

উক্ত সভাতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয়- উন্নয়নৰ স্বাৰ্থত, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ৰক্ষাৰ স্বাৰ্থত, মহিলা উদ্যমিতা আঁচনিৰ লগতে মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায় ।

প্ৰচাৰ সভাখনত ইউ বি পি অ’ৰ উপ-সভাপতি ললিত চন্দ্ৰ ব্ৰহ্ম, অধ্যক্ষ ঘনকান্ত , ক্ৰীড়া সম্পাদক ফৈলাও মুছাহাৰী, বি টি আৰ বাহিৰৰ প্ৰাক্তন বি এল টি পৰিষদৰ সাধাৰণ সম্পাদক বিস্তিৰাম নাৰ্জাৰীৰ লগতে সংযুক্ত বড়ো গণমঞ্চৰ শোণিতপুৰ জিলা সভাপতি নিচন বসুমতাৰী, উপ-সভাপতি ৰণদীপ বসুমতাৰী, সাধাৰণ সম্পাদক বিনন বড়ো, ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ সভাপতি প্ৰশান্ত দাসৰ লগতে সংযুক্ত বড়ো গণমঞ্চৰ মাইনাওশ্ৰী, ঘোঁৰামাৰী, কয়লাজুলি ইত্যাদি আঞ্চলিক সমিতিৰ বিষয়ববীয়া, ৰাইজ, বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। সভাত কংগ্ৰেছৰ দলৰ পৰা অৰ্পণা হায়নাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

নিয়মীয়া বাৰ্তা, বালিপৰা, ২৯ মাৰ্চ :

You might also like