ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ৪৩ ৰানত পৰাস্ত চেন্নাই
ডিজিটেল ডেস্ক, ৬ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক অর্জন কৰিছে৷ দেওবাৰে বেংগালুৰুত অনুষ্ঠিত মেচখনত চেন্নাই দলটো ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ৪৩ ৰানত পৰাস্ত হয়৷
মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ২৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ছৰফৰাজ খানৰ ৫০, প্রশান্ত বীৰৰ ৪৩ আৰু জেমি অ’ভাৰটনৰ ৩৭ ৰানৰ সহায়ত চেন্নায়ে ১৯.৪ অভাৰত ২০৭ ৰান কৰে৷ মেচখনত পুনৰ ব্যর্থ হয় সঞ্জু ছেমছন৷ অ’পেনাৰগৰাকীয়ে মাত্র ৯ ৰানহে কৰে৷ অধিনায়ক গাইকোৱাডে ৭, আয়ুস মাত্রেই ১ আৰু কার্তিক শর্মাই ৬ ৰান কৰে৷
আৰচিবিৰ হৈ ভুবনেশ্বৰ কুমাৰে সর্বাধিক ৩টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে বেটিং কৰি টিম ডেভিদৰ ২৫ বলত বিস্ফোৰক অপৰাজিত ৭০, অধিনায়ক ৰজত পাটিদাৰৰ ১৯ বলত অপৰাজিত ৪৮, দেৱদূত পাড়িকলৰ ৫০ আৰু ফিল ছল্টৰ ৪৬ ৰানৰ সহায়ত আৰচিবিয়ে ৩ উইকেটত ২৫০ ৰান কৰে৷ ডেভিদৰ ইনিংছটোত আছিল ৩টা চাৰি আৰু ৮টা ছয়৷ পাটিদাৰ আৰু ডেভিদে চতুর্থ উইকেটৰ যুটিত মাত্র ৩৫টা বলত অপৰাজিতভাৱে ৯৯ ৰান সংগ্রহ কৰে৷ উল্লেখ্য যে আৰচিবিৰ এয়া আছিল ক্রমাগত দ্বিতীয় জয়৷