নিয়মীয়া বাৰ্তা, মহুৰামুখ, ৬ এপ্ৰিল : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০৫নং বোকাখাত বিধানসভা সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰে এক সুকীয়া গতি লাভ কৰিছে। সমষ্টিটোৰ চুকে-কোণে দিন-ৰাতি একাকাৰ কৰি প্ৰচাৰ অভিযান চলোৱা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে দেওবাৰে দক্ষিণ কাজিৰঙাৰ ২নং আদৰ্শ মিচিং গাঁও, ডিফলু বাগান আৰু বোকাখাত পৌৰসভাৰ ৫ নং আৰু ৯ নং ৱাৰ্ডৰ মূঢ়াবস্তিত কেইবাখনো বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। এই প্ৰতিখন সভাতে হাজাৰ হাজাৰ লোকৰ উৎসাহজনক উপস্থিতিয়ে সমষ্টিটোত অতুল বৰাৰ স্থিতি অধিক শক্তিশালী হোৱাৰ ইংগিত দিছে।
নিৰ্বাচনী সভাসমূহত ভাষণ প্ৰদান কৰি অতুল বৰাই কয় যে এন ডি এ চৰকাৰ আৰু উন্নয়ন এতিয়া এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছে। তেওঁ কয়- “এন ডি এ-ৰ উন্নয়নমুখী যাত্ৰাৰ পুনৰ এবাৰ অংশীদাৰ হ’বলৈ বোকাখাতৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰচাৰ সভাত ৰাইজৰ উৎসাহ-উদ্দীপনাই তাকেই প্ৰতিপন্ন কৰিছে।” বৰাই লগতে উল্লেখ কৰে যে জনসাধাৰণৰ এই অকুণ্ঠ সঁহাৰিয়ে তেওঁক অনাগত দিনত অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ প্ৰেৰণা যোগাইছে।
কেৱল নগৰীয়া অঞ্চলেই নহয়, দক্ষিণ কাজিৰঙাৰ লগতে পশ্চিম কাজিৰঙা, মধ্য কাজিৰঙা, উত্তৰ-পূব আৰু পূব কাজিৰঙা অঞ্চলতো দেওবাৰে মিত্ৰজোঁটৰ তৰফৰ পৰা ব্যাপক প্ৰচাৰ চলোৱা হয়। একেদৰে মৰিধনশিৰি পঞ্চায়ত এলেকাতো অতুল বৰাই কেইবাখনো পথসভা সম্বোধন কৰে। দিনৰ ভাগত আৰম্ভ হোৱা এই নিৰ্বাচনী যাত্ৰা নিশাৰ ভাগলৈকেও অব্যাহত থাকে।
ডিফলু বাগানৰ চাহ শ্ৰমিকৰ পৰা আৰম্ভ কৰি আদৰ্শ মিচিং গাঁৱৰ জনজাতীয় লোকসকলৰ মাজত অতুল বৰাৰ জনপ্ৰিয়তা বিশেষভাৱে পৰিলক্ষিত হৈছে। সমষ্টিবাসীৰ অভূতপূৰ্ব মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি বৰাই অহা ৯ এপ্ৰিলত বিপুল ভোটত মিত্ৰজোঁটক জয়ী কৰাবলৈ আহ্বান জনায়।