ডিজিটেল ডেস্ক, ৯ এপ্রিল : শাসক–বিৰোধীৰ মাৰাথন প্রচাৰ অভিযানৰ পাছত আজি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত গণতন্ত্রৰ উৎসৱ৷ অহা ৫ বছৰত ৰাজ্যৰ ক্ষমতা কাৰ হাতলৈ যায়, তাৰ জনাদেশ দিব ভোটাৰ ৰাইজে৷ স্বচ্ছ–নিকা–সুৰক্ষিত ভোটগ্রহণ তথা সমগ্র নির্বাচনী প্রক্রিয়া সম্পন্ন কৰিবলৈ ইতিমধ্যে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে নির্বাচন আয়োগে৷
বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। অসমৰ ১২৬খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
নির্বাচন আয়োগৰ তথ্য অনুসৰি, এইবাৰ ২,৫০,৫৪,৪৬৩গৰাকী ভোটাৰে নির্ণয় কৰিব প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা মুঠ ৭২২গৰাকী প্রার্থীৰ ভাগ্য৷ নির্বাচনী যুঁজত নমা প্রার্থীসকলৰ ভিতৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো, এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল, মন্ত্রী অজন্তা নেওগ, পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, চন্দ্রমোহন পাটোৱাৰী, ৰঞ্জিত দাস, প্রশান্ত ফুকনকে ধৰি কেইবাজনো হেভীৱেট প্রার্থী আছে৷
সেইদৰে মুঠ ভোটাৰৰ ১,২৫,৩১,৫৫২জন পুৰুষ হোৱাৰ বিপৰীতে ১,২৫,২২,৫৯৩গৰাকী মহিলা আৰু ৩১৮জন অন্যান্য৷ এইবাৰৰ নির্বাচনত ১৮–১৯ বছৰৰ ৬,৪২,৩১৪গৰাকী, ৮০ ঊর্ধ্বৰ ২,৫০,০০৬গৰাকী আৰু বিশেষভাৱে সক্ষম ২,০৫,০৮৫গৰাকী ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ৩১,৪৯০টা কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ইয়াৰে ৩১,৪৮৬টা মূল ভোটকেন্দ্র আৰু ৪টা সহায়ক ভোটকেন্দ্র৷ নির্বাচন আয়োগে সকলো ভোটগ্রহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ জৰিয়তে কেন্দ্রসমূহৰ ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়া, অসমৰ মুখ্য নির্বাচনী বিষয়া আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব৷
এইবাৰৰ নির্বাচনত মুঠ ১,৫১,১৩২গৰাকী প্রিজাইডিং–প’লিং বিষয়া নিয়োগ কৰা হৈছে৷ ভোটগ্রহণ কেন্দ্রসমূহৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীৰ লগতে নির্বাচন আয়োগে কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰিছে৷ প্রতিটো ভোটকেন্দ্রতে খোৱাপানী, জিৰণি কোঠা, শৌচালয়, দিব্যাংগসকলৰ বাবে হুইল চেয়াৰকে ধৰি ন্যূনতম সা–সুবিধা নিশ্চিত কৰিছে নির্বাচন আয়োগে৷
নির্বাচন আয়োগে ইতিপূর্বে ঘোষণা কৰা সূচী অনুসৰি আজি ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত অহা ৪ মে’ত ভোটগণনা হ’ব৷ সেইদিনাই নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইয়াৰ লগে লগে স্পষ্ট হ’ব দিছপুৰৰ মছনদ কাৰ দখললৈ যাব৷