ঘগ্রাপাৰত ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেলৰ বিহু কৰ্মশালাৰ সামৰণি
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমীয়াৰ স্বাভিমান জাতিৰ দাপোন বহাগ বিহুক আদৰিবলৈ গ্ৰামাঞ্চলৰ ৰাইজ সাজু হৈছে। বিহু নৃত্য, বিহু নামৰ আখৰা আৰম্ভ হৈছে।
বিহু নৃত্য আখৰাৰ বাবে ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ গ্ৰাম্য চহৰ ঘগ্ৰাপাৰ। যোৱা ১ এপ্ৰিলৰ পৰা ঘগ্রাপাৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ৭ দিনীয়া পঞ্চম বাৰ্ষিক বিহু নাচ, বিহু বাদ্য আৰু বিহু নামৰ কৰ্মশালা যোৱা ৭ এপ্ৰিলত সন্ধিয়া সামৰণি পৰে।
সাংস্কৃতিক কৰ্মী ৰুমী দাস আৰু অজয় বৈশ্যৰ ব্যৱস্থাপনাত আয়োজিত বিহু নৃত্য বিহু নাম, ঢোল পেঁপা প্ৰণালীবদ্ধ ভাৱে বজোৱা কৰ্মশালা খনিত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে। উক্ত কৰ্মশালাত প্ৰশিক্ষণ দিয়ে বৰ বিহুৱতী চুইটি সৰকাৰে। চুইটী সৰকাৰক সহযোগ কৰে সহঃ প্ৰশিক্ষক লিজা সাউদে। ঢোলৰ প্ৰশিক্ষণ দিয়ে মুখ্য বিহু বাদ্য প্ৰশিক্ষক প্ৰান্তিক ভৰদ্বাজে।
ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল স্কুলৰ পঞ্চম বাৰ্ষিক এই কৰ্মশালাত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ যুৱক যুৱতী, শিশু নৃত্য শিল্পীসকলে প্ৰণালীবদ্ধ ভাৱে শিকোৱাৰ উদ্যোগ লোৱা পদক্ষেপক ঘগ্ৰাপাৰৰ ৰাইজে ভূয়সী প্ৰশাংসা কৰে।
সাংস্কৃতিক কৰ্মী খনিন্দ্ৰ কুমাৰ লহকৰে আঁতধৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানটো মুকলি কৰি পিএমশ্রী ঘগ্রাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল শৰ্মাই কয় যে ব’হাগ বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়া জাতিৰ আয়ুস ৰেখা, আমাৰ পৰিচয়। কৰ্মশালাৰ উদ্যোক্তা সকলক ধন্যবাদ জনাইছোঁ, যিয়ে নতুন প্ৰজন্মক আমাৰ চহকী সংস্কৃতিৰ লগত চিনাকি কৰাই দিছে।
আজিৰ ডিজিটেল যুগত বিহুৰ যি বিকৃত ৰূপ, তাক প্ৰতিৰোধ কৰি শুদ্ধ বিহু নাচ আৰু গীতৰ শিক্ষা দিয়াটো অতি প্ৰয়োজনীয়। মৰমৰ প্ৰশিক্ষাৰ্থী সকল তোমালোকে কেৱল বিহুৰ নাচ বা ঢোলৰ চাপৰটো শিকিলে নহ’ব, ইয়াৰ আঁৰৰ অনুভূতি, আবেগ আৰু পৰম্পৰাক বুজি ল’ব লাগিব।
অনুষ্ঠানত নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বীৰেন কলিতাই কৰ্মশালা খনৰ উদ্যোক্তা, বিহু নৃত্যৰ মুখ্য প্ৰশিক্ষক চুইটী চৰকাৰ, বিহু নৃত্য, ঢোল বাদক সকলো প্ৰশিক্ষাৰ্থীক প্ৰশংসা কৰি আমাৰ হিয়াৰ আমঠু ৰঙালী বিহুটো অতি সুন্দৰকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব বুলি কয়।
সমাজসেৱী ধৰিত্ৰী ডেকা কলিতাই বিহু নৃত্যৰ কৰ্মশালাত ভাগ লোৱা শিশু শিক্ষাৰ্থী আৰু তেওঁ লোকৰ অভিভাৱক সকলক ধন্যবাদ জনায় আৰু এই প্ৰশিক্ষণ গ্ৰহণ কৰি আগন্তুক দিনত একোগৰাকী সফল নাচনী হ’ব বুলি আশা কৰে। আনহাতে ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল স্কুলৰ বিশেষ তত্বাৱধায়ক তথা সাংস্কৃতিক কৰ্মী প্ৰণতি পাঠক তালুকদাৰে বিহু কৰ্মশালাৰ তাৎপৰ্য তথা প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থী সকলক ধন্যবাদ তথা শুভকামনা জনায় ভাষণ দিয়ে।
অনুষ্ঠানত উদ্যোক্তা সকলে সাংস্কৃতিক কৰ্মী ফণীধৰ দাস, ঘগ্রাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ভ্রমৰ মজুমদাৰ, সাংবাদিক দ্বিজেন ডেকা,কালিন্দ্র বৰ্মন, মমতাজ আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰে।
শেষত প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থী সকলে মুখ্য প্ৰশিক্ষক চুইটী সৰকাৰৰ বিহু গীত আৰু বিহু নৃত্যৰ তালে তালে বিহু গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
অনুষ্ঠানত ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল স্কুলৰ সম্পাদক জয়ন্ত কলিতাৰ পৰিচালনাত প্রশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্রদান কৰে। উল্লেখ্য যে- অহা বৰ্ষত দহদিনীয়াকৈ বিহু নৃত্য, ঢোল পেঁপা প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে ঘোষণা কৰে।
নিয়মীয়া বাৰ্তা, ঘগ্রাপাৰ, ৯ এপ্রিল