দিল্লীৰে ৰোমাঞ্চকৰ মেচত জিকিও জৰিমনাৰ সন্মুখীন শুভমন গিল
দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ধীৰ গতিৰে অ’ভাৰ সম্পন্ন কৰাৰ বাবে গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলক জৰিমনা আৰোপ কৰা হৈছে
বুধবাৰে অনুষ্ঠিত এক ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ১ ৰানত পৰাস্ত কৰে। গুজৰাটৰ তিনিজন বেটছমেনে অৰ্ধশতক অৰ্জন কৰাৰ ফলত দলটোৱে ২১০ ৰানৰ ডাঙৰ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
দিল্লীৰ হৈ কেল এল ৰাহুল (৯২) আৰু পাথুম নিশাংকাই (৪১) ভাল আৰম্ভণি প্ৰদান কৰে। শেষলৈকে ডেভিদ মিলাৰে সংগ্ৰাম অব্যাহত ৰাখিছিল যদিও অন্তত গুজৰাটে জয় লাভ কৰে। খেলখনৰ পিছতে গুজৰাটৰ অধিনায়ক শুভমন গিলৰ বিৰুদ্ধে ১২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হয়।
শ্লো-অ’ভাৰ ৰেটৰ বাবে শুভমন গিলৰ বিৰুদ্ধে এই জৰিমনা আৰোপ কৰা হৈছে। আইপিএলে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ধীৰ গতিৰে অ’ভাৰ সম্পন্ন কৰাৰ বাবে গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলক জৰিমনা আৰোপ কৰা হৈছে। এইটো আছিল এই ছিজনত দলটোৰ প্ৰথম ভুল, যিটো ন্যূনতম অ’ভাৰ গতিৰ সৈতে জড়িত।
যদি গুজৰাট টাইটানছৰ পৰা এনে ভুল পুনৰ সংঘটিত হয়, তেন্তে অধিনায়ক গিলৰ বিৰুদ্ধে ২৪ লাখ টকাৰ জৰিমনা আৰোপ কৰা হ’ব আৰু ইম্পেক্ট প্লেয়াৰ আৰু প্লেয়িং ১১ত অন্তৰ্ভুক্ত খেলুৱৈসকলৰ ওপৰতো ১২-১২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হ’ব। অৱশ্যে এতিয়া তৃতীয়বাৰৰ ভুলৰ ক্ষেত্ৰত অধিনায়কৰ ওপৰত এক খেলৰ নিষেধাজ্ঞাৰ নিয়ম আঁতৰোৱা হৈছে।
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল