নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াৰ দলাপানী ভোটগ্ৰহণ কেন্দ্ৰত পোলিং বিষয়াৰ মৃত্যু

নিয়মীয়া বাৰ্তা, চতিয়া, ৯ এপ্ৰিল : নদুৱাৰ সমষ্টিৰ ২৩০নং দলাপানী ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ পূৰ্বে এজন পলিং বিষয়াৰ মৃত্যু ঘটে ৷ মৃত্যু হোৱা পলিং বিষয়াগৰাকী ৰঙাপৰাৰ দপদপী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱেন হ’ৰ বুলি জানিব পৰা গৈছে ৷

স্থানীয় প্ৰশাসনৰ পৰা জানিব পৰা মতে, পুৱা ৬ মান বজাত ভোটকেন্দ্ৰটোত ২য় পোলিং বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ অহা ব্যক্তিগৰাকী অসুস্থ হৈ পৰে ৷ অসুস্থ ব্যক্তিগৰাকীক এম্বুলেন্সযোগে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰে ৷

মৃত পোলিং বিষয়াগৰাকীৰ ঘৰ ৰঙাপাৰাৰ কছাৰী গাঁৱত বুলি জানিব পৰা গৈছে ৷ পোলিং বিষয়াগৰাকীৰ মৃত্যু হোৱাত ভোটকেন্দ্ৰটোত কিছু পলমকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ চতিয়া আৰক্ষীয়ে মৃতদেহ তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ যো-জা চলাইছে ৷

You might also like