নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্যঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজলিল ধলপুৰৰ অন্বেষা শইকীয়া

ডিজিটেল ডেস্ক, ধলপুৰ, ১৭ এপ্ৰিল : সদ্যঘোষিত চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত ধলপুৰ অঞ্চলে ৰাজ্যৰ ভিতৰত নহয়, সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে ৷ ধলপুৰ খলিহামাৰীৰ এগৰাকী ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ শীৰ্ষ পঞ্চম স্থান লাভ কৰি ধলপুৰ অঞ্চলৰ লগতে সমগ্ৰ লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

ধলপুৰ খলিহামাৰী নিৱাসী তথা সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদব্ৰত শইকীয়া আৰু পাৰিজাত বৰাৰ কন্যা অন্বেষা শইকীয়া ৷ মেধাৱী ছাত্ৰী অন্বেষাই গুৱাহাটী পাণবজাৰস্থিত ডনবস্ক’ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.২ শতাংশ লাভ কৰে ৷ অন্বেষাৰ সাফল্যত ধলপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠনে আনন্দ প্ৰকাশ কৰি ছাত্ৰীগৰাকীৰ লগতে সুযোগ্য পিতৃ-মাতৃক  অভিনন্দন জনাইছে ৷

চেংমৰাস্থিত পি পি ৰয়েল গ্ল’বেল ইংলিছ স্কুলৰ পৰা ৯৫ শতাংশ নম্বৰ লাভ কৰি সাফল্য অৰ্জন কৰে জ্ঞান মাধৱ দত্তই ৷ অসম চৰকাৰ কৃষি বিভাগত কৰ্মৰত তথা ধলপুৰ দ-গাঁও নিৱাসী কবিত দত্ত আৰু হাৱাজান একাডেমী হাইস্কুলৰ শিক্ষয়িত্ৰী হৃদয়া চৌধুৰী দত্তৰ পুত্ৰ জ্ঞান মাধৱ দত্ত ৷ ধলপুৰৰ সাংস্কৃতিক কৰ্মী তপন বণিয়া আৰু বিউটি শইকীয়া বণিয়াৰ একমাত্ৰ কন্যা মৃগাক্ষী বণিয়াই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰে ৷ নাৰায়ণপুৰ অৰিয়েন্ট একাডেমীৰ পৰা অৱতীৰ্ণ হোৱা মৃগাক্ষীয়ে ৯৪ শতাংশ নম্বৰ অৰ্জন কৰে। ধলপুৰ ডিব্ৰুৱালৰ নিৱাসী নীল গগৈ আৰু ইলা গগৈৰ পুত্ৰ জিন্টু গগৈয়ে ভলেন একাডেমীৰ পৰা কেউটা বিষয়তে লেটাৰ নম্বৰ অৰ্জন কৰি  ৯৪ শতাংশ নম্বৰ লাভ কৰে ৷ গণক দলনি নিৱাসী মুনিন্দ্ৰ পাঠক আৰু পূৰ্ণিমা পাঠকৰ পুত্ৰ স্বণাভ পাঠকে বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ৫টা বিষয়ত লেটাৰ নম্বৰ লৈ ৯৩ শতাংশ লাভ কৰিবলৈ সক্ষম হয় ৷

You might also like