নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদাবাৰী-পাণ্ডু পথৰ ওপৰতে জাবৰৰ দ’ম

কাঁটাতাঁৰৰ বেৰ দিয়ো সলনি কৰিব পৰা নাই নাগৰিকৰ মানসিকতা

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ চৰকাৰে যিমানেই আঁচনি গ্ৰহণ নকৰক কিয় বা যিমানেই নীতি- নিৰ্দেশনা নিদিয়ক কিয় নাগৰিকৰ মানসিকতা সলনি নহলে একোৱেই ফলপ্ৰসু নহয়। ইয়াৰ অন্যতম উদাহৰণ হ’ল মহানগৰীৰ অন্যতম ব্যস্ত তথা মহানাগৰিকৰ বাসস্থান হিচাপে পৰিচিত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুলৈ যোৱা পথছোৱা। উল্লেখ্য যে আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুলৈ যোৱা পথছোৱাৰ আনন্দনগৰ অংখিনিৰ পথৰ ওপৰতে দম বান্ধি আছে জাবৰ আৱৰ্জনাই। অঞ্চলটোৰ দোকানী-ব্যৱসায়ীকে ধৰি একাংশ নাগৰিকে সমস্ত আৱৰ্জনা আনি পথৰ দাঁতিতে পেলাই দিয়ে। তদুপৰি গুৱাহাটী পৌৰ নিগম কিম্বা জাবৰ নিষ্কাশনৰ দায়িত্ববাহী স্বেচ্ছাসেৱী সংস্থাই পথৰ দাঁতিৰ পৰা জাবৰ আৱৰ্জনাবোৰ উঠাই নিদিয়ে।
এইদৰে দীৰ্ঘদিন ধৰি পথৰ দাঁতিতে জাবৰ পেলাই অহাৰ ফলত বৰ্তমান জাবৰ- আৱৰ্জনা আহি পথৰ এটা অংশ আৱৰি পেলাইছে। গেলি-পচি যোৱা আৱৰ্জনাৰ পৰা নিৰ্গত দুৰ্গন্ধৰ বাবে পথটোৰ চলাচল কৰা নাগৰিকে নাকত-মুখত সোপা দিহে অহা-যোৱা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। মন কৰিবলগীয়া যে পূৰ্বে পথৰ ওপৰত জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰি পেলোৱা সন্দৰ্ভত নিয়মীয়া বাৰ্তাত সবিস্তাৰে প্ৰকাশ পোৱৰ পিছত পথৰ দাঁতিত সংশ্লিষ্ট কৰ্তৃপক্ষই পথৰ দাঁতিত এটা অংশক কাঁটা তাৰঁৰৰ বেৰ দি জাবৰ পেলোৱা বন্ধ কৰিছিল। কিন্তু একাংশ অসচেতন নাগৰিক আৰু দোকানী-ব্যৱসায়ীয়ে কাঁটাতাঁৰৰ বেৰৰ কাষতে পুনৰ জাবৰ-আৱৰ্জনা পেলাই সমগ্ৰ পৰিৱেশটোকে কলুষিত কৰি তুলিছে, যাৰ বাবে পথটোৰে অহা যোৱা কৰা সচেতন নাগৰিকসকলে এইক্ষেত্ৰত অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই দাবী জনাইছে।

You might also like