পঞ্চম পৰাজয় কলকাতা নাইট ৰাইডার্ছৰ, গুজৰাটৰ অধিনায়ক গিলৰ ৮৬ ৰান
ডিজিটেল ডেস্ক, ১৮ এপ্রিল : চলিত আইপিএলত জয়ৰ মুখ দেখা নাই কলকাতা নাইট ৰাইডার্ছে৷ প্রতিযোগিতাখনৰ শুকুৰবাৰে অনুষ্ঠিত মেচখনত কলকাতাই গুজৰাটৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷ কলকাতাই এতিয়ালৈকে ৬খন মেচ খেলি ৫খনত পৰাজয় স্বীকাৰ কৰিছে৷ বৰষুণৰ বাবে এখন মেচ পৰিত্যক্ত হোৱাত দলটোৱে ১ পইণ্ট লাভ কৰিছে৷
শুকুৰবাৰৰ মেচখনত কলকাতাই জয়ৰ বাবে বান্ধি দিয়া ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি অধিনায়ক শুভমন গিলৰ ৫০ বলত ৮৬, বাটলাৰৰ ২৫, সুদর্শনৰ ২২, ফিলিপছৰ ১৯ আৰু ৱাশ্বিংটনৰ ১৩ ৰানৰ সহায়ত গুজৰাটে ১৯.৪ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও কেমেৰন গ্রীনৰ দর্শনীয় অর্ধশতকৰ সহায়ত কলকাতা নাইট ৰাইডার্ছে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্রহ কৰে৷
ইনিংছ মুকলি কৰিবলৈ আহি দলীয় স্ক’ৰ ৩২ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই দলটো বিপদত পৰে৷ অধিনায়ক ৰাহানেই ০, অংগকৃশ ৰঘুবংশীয়ে ৮ আৰু ছেইফার্টে ১৯ ৰান কৰি বিদায় লয়৷ অৱশ্যে গ্রীনে দুর্দান্ত বেটিং দাঙি ধৰি দলটোক কিছু সন্মানজনক স্থিতিত উপনীত কৰায়৷ গ্রীনে ৫৫টা বলত ৭৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ অষ্ট্রেলিয়াৰ অলৰাউণ্ডাৰগৰাকীয়ে ৰ’ভমান পাৱেলৰ সৈতে চতুর্থ উইকেটত ৫৫ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে৷ পাৱেলে ২৭ ৰান কৰি বিদায় লয়৷ পাৱেল আউট হোৱাৰ পাছত বাকীসকল বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ ৰিংকু সিং কালিও ব্যর্থ হয়৷ তেওঁ মাত্র ১ ৰানহে কৰে৷ ৰমণদীপ সিঙে ১৭ ৰানৰ অৱদান আগবঢ়ায়৷ গুজৰাটৰ হৈ কাগিছ’ ৰাবাডাই সর্বাধিক ৩টা উইকেট লাভ কৰে৷