নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিশুদ্ধ পানী আৰু কৃত্রিম বান

‘পানীয়েই প্রাণীৰ প্রাণ’–মানুহৰ মুখে মুখে প্রচলিত এই আপ্ত বাক্যশাৰীৰ গুৰুত্ব অসীম৷ প্রাণী বা জীৱৰ দেহৰ বিভিন্ন বিপাকীয় কার্য সম্পন্ন কৰিবলৈ পানীৰ আৱশ্যক৷ সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্রস্তুত কৰিবলৈ উদ্ভিদক সূর্যৰ পোহৰ, co২ৰ দৰে পানীও দৰকাৰী উপাদান৷ তেনেস্থলত পানীক লৈ আমি কিমান সচেতন? ৰাইজৰ মাজত পানী সন্দর্ভত সজাগতা কিমান? পানীক লৈ সচেতনতা, সজাগতা থাকিলে এতিয়া আমি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্রেক নহ’লহেঁতেন৷ অসমৰ বহু ঠাইত এতিয়াও বিশুদ্ধ খোৱাপানীৰ অভাৱ৷ এফালে বিশুদ্ধ খোৱাপানীৰ অভাৱ, আনফালে কৃত্রিম বানত বিস্তৰ ক্ষতি হয় গুৱাহাটী ৰাইজৰ৷ বৰষুণ দিলে ৰাজপথতে আবদ্ধ হৈ থাকিবলগীয়া হয় ঘৰমুখী হাজাৰ হাজাৰ লোক৷ এক অভাৱনীয় পৰিস্থিতি৷ অলপতে ৭ ঘণ্টাত ১৪২ মিলিমিটাৰ মুষলধাৰ বৰষুণে বহু লোকৰ ক্ষতি কৰিলে৷ উন্মুুক্ত নলাত পৰি মৃত্যু হয় এগৰাকী মহিলাসহ তিনিজন পুৰুষৰ৷ এই ঘটনা সঁচাকৈয়ে দুর্ভাগ্যজনক৷ প্রতি বছৰে উন্মুুক্ত নলাত পৰি মানুহৰ মৃত্যু হোৱা বাতৰি প্রায়ে প্রকাশ পায়৷ এফালে বানৰ কবলত পৰি মানুহৰ ক্ষতি, আনফালে বিশুদ্ধ পানীৰ বাবে মানুহৰ হাহাকাৰ৷ বিশুদ্ধ পানীৰ বাবে জলজীৱন মিছনে সমগ্র ৰাজ্যতে খোৱাপানী যোগানৰ দায়িত্ব লৈছে যদিও এতিয়াও বহু ঠাহত সেই আঁচনি কার্যকৰী হোৱা নাই ৷ আজিও বহু লোক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে৷ মানুহৰ সমস্যাৰ অন্ত নাই ৷ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্রযুক্তিৰ চৰম বিকাশৰ যুগতো মানুহে বিশুদ্ধ খোৱাপানীৰ অভাৱত বিভিন্ন দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাটো বেদনাদায়কেই নহয়, অতি দুর্ভাগ্যজনকো৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ সমস্যাও ক্রমাৎ বৃদ্ধি পাই আহিছে৷ জনসংখ্যা বৃদ্ধি অনুপাতে খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ নানান প্রকাৰৰ ৰাসায়নিক সাৰ খেতিপথাৰত প্রয়োগ কৰা দেখা যায়৷ কল–কাৰখানাৰ সংখ্যাও বৃদ্ধি পাইছে৷ এইবোৰে পানী দূষিতকৰণত বিপুল অৰিহণা যোগাইছে৷ সেয়ে এতিয়া পানীক লৈ বিশ্বৰ প্রতিখন দেশেই সজাগ-সচেতন হোৱা পৰিলক্ষিত হৈছে৷ পৃথিৱীত উপলব্ধ মুঠ জলভাণ্ডাৰৰ মাত্র ৩ শতাংশ পানীহে বিশুদ্ধ৷ বাকী ৯৭ শতাংশ পানীয়ে সাগৰৰ নিমখীয়া পানী৷ চিন্তনীয় বিষয় যে ৩ শতাংশ বিশুদ্ধ পানীৰ পৰিমাণ হ্রাস পোৱাৰ লগতে নানান প্রকাৰে প্রদূষিতও হৈছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে ২০১০ চনৰ ২৮ জুলাইত পানী আৰু অনাময়ক ‘মানৱ অধিকাৰ’ হিচাপে স্বীকৃতি দিছে৷ ২০১৮ চনৰ নিটি আয়োগৰ এক তথ্য অনুযায়ী ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ৬০ কোটি মানুহেই পানীক লৈ সমস্যাৰ সন্মুখীন হৈছে৷
ভাৰতৰ মুঠ জলভাণ্ডাৰৰ প্রায় ৭০ শতাংশই প্রদূষিত আৰু ভাৰতৰ দৰে এখন দেশৰ বিশ্বৰ বিশুদ্ধ পানী গুণগত সূচাংকত ১২২খন দেশৰ ভিতৰত স্থান ১২০ নম্বৰ৷ ভাৰতৰ আন ৰাজ্যসমূহৰ তুলনাত অসমত জল নাটনি/প্রদূষণৰ পৰিমাণ কম যদিও এতিয়া এই সমস্যা লাহে লাহে বৃদ্ধি পাইছে৷ কিছু বছৰৰ আগতে এক সমীক্ষাত কৈছিল যে অসমৰ বহুকেইখন জিলাৰ ভূগর্ভৰ পানীত অধিক পৰিমাণে আর্ছেনিক আছে৷ অসমৰ প্রায় ২৪খন জিলাৰ ভূ–গর্ভৰ পানীতেই আর্ছেনিক থকা বুলি এক বাতৰি প্রকাশ পাইছিল৷ যিটো আমাৰ বাবে ভয়ংকৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আমি খোৱাপানীৰ প্রতি লিটাৰত ১১০ মাইক্র’গ্রামতকৈ অধিক আর্ছেনিক থকা উচিত নহয়৷ যদি এই পৰিমাণতকৈ অধিক আর্ছেনিক থাকে, তেনেহ’লে মানুহৰ স্বাস্থ্যৰ বৃহৎ ক্ষতি হ’ব৷ আর্ছেনিকযুক্ত পানী দীর্ঘ সময়ৰ বাবে পান কৰিলে– ছাল, লিভাৰ, ক’লন, হাঁওফাঁও, ৰক্তবাহী নলী, মূত্রাশয় আৰু বৃক্কৰ কর্কট ৰোগ হ’ব পাৰে৷ অসমৰ বহু ঠাইত আর্ছেনিকৰ উপৰি আইৰন, ফ্ল’ৰাইডৰ উপস্থিতিও পোৱা যায়৷ যিকেইটা মৌলৰ উপস্থিতিয়ে মানুহক বিস্তৰ ক্ষতি কৰে৷ সাম্প্রতিক সময়ত চৰকাৰে পানী (জলব্যৱস্থা), কৃত্রিম বানক লৈ অধিক চিন্তা কৰাৰ প্রয়োজন৷ বৰষুণৰ আগজাননী পালেই গুৱাহাটীবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ সেয়ে চৰকাৰে কৃত্রিম বান ৰোধ কৰিবলৈ গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলবোৰ বেদখলমুক্ত কৰা, নলা–নর্দমা স্বচ্ছ কৰি ৰখা, য’তে–ত’তে গৃহ নির্মাণৰ বাবে অনুমতি প্রদান নকৰাই মূল লক্ষ্য হোৱা উচিত৷ কেৱল চৰকাৰকেই সমালোচনা কৰিলেও নহ’ব৷ গুৱাহাটীবাসীও সজাগ–সচেতন হ’ব লাগিব৷ গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব৷ সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিলেও কৃত্রিম বানৰ সমস্যা কিছু পৰিমাণে হ্রাস পাব৷ মুঠতে বিজ্ঞানসন্মত চিন্তাৰে কোনো খেলিমেলি নোহোৱাকৈ চৰকাৰে কামবোৰ কৰিলে বিশুদ্ধ খোৱাপানীৰ লগতে কৃত্রিম বানৰ সমস্যা সমাধান কৰিব পাৰি৷ এই দুয়োটা সমস্যা হ্রাস কৰিবলৈ ৰাইজৰো সামূহিক প্রচেষ্টাৰ অধিক প্রয়োজন আছে৷

You might also like