নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব লাগেঃ ছোৱেইব আখতাৰ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ভাৰতে ২০০৮ চনৰ পৰা পাকিস্তানলৈ ক্ৰিকেট খেলিবলৈ যোৱা নাই আৰু পাকিস্তানেও অন্তিম বাৰৰ বাবে টি-২০ আৰু এদিনীয়া খেলৰ বাবে ২০১২ চনত ভাৰত
ভ্ৰমণলৈ আহিছিল। দুয়োখন দেশৰ মাজত যোৱা ৮ বছৰে কোনো এখন ক্ৰিকেট শৃংখলা হোৱা নাই। ইয়াৰ মাজতেই পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে ভাৰত আৰু
পাকিস্তানৰ মাজত ক্ৰিকেট শৃংখলা আয়োজন হোৱাটো কামনা কৰিছে। আখতাৰে কয় যে ভাৰত আৰু পাকিস্তানে ক’ৰোনা বিৰুদ্ধে যুঁজত ধন গোটাবৰ কাৰণে দুয়ো দেশৰ মাজত তিনি খন
মেচৰ এদিনীয়া শৃংখলাৰ আয়োজনৰ কাৰণে প্ৰস্তাৱ দিছে। আখতাৰে লগতে কয় যে সংকতৰ সময়ত দুয়োখন দেশৰ মাজত ক্ৰিকেট শৃংখলাৰ বাবে প্ৰস্তাৱ দিছো। প্ৰথম বাৰৰ বাবে এই শৃংখলাত যিয়েই ফলাফল নহওঁক কিয় দুয়োখন দেশৰ ক্ৰিকেট প্ৰেমীসকলৰ মনত দুখ নহব। এই মেচৰ শৃংখলাত বহুতো দৰ্শক লাভ কৰিব আৰু আৰু ইয়াৰ জৰিয়তে যিমান টকা লাভ কৰে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত দুয়োখন দেশে সমানভাৱে ভগাই ল’ব। পৰিস্থিতি ভাল হোৱাৰ পিছত ডুবাইত এই মেচ অনুষ্ঠিত হ’ব লাগে আখতাৰে কয় যে মই কেৱল প্ৰস্তাৱ হে দিব পাৰো বাকী কাম ক্ৰিকেট বৰ্ডৰ।

You might also like